মন্দিৰত পূজা কৰিবলৈ গৈ কুঁৱাত পৰি মৃত্যু ৩৫ জন ভক্তৰ !

ডিজিটেল ডেস্ক:- এক শোকাৱহ ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশত।বৃহস্পতিবাৰে ৰাম নৱমীৰ হিন্দু উৎসৱ উপলক্ষে বেলেশ্বৰ মহাদেৱ ঝুলেলাল মন্দিৰত আয়োজিত এক প্ৰাৰ্থনা অনুষ্ঠানত প্ৰাৰ্থনা কৰাৰ সময়ত কুঁৱাত পৰে ভক্ত।ইন্দোৰ চহৰত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটোত।দুৰ্ঘটনাটোত কুঁৱাত পৰি মৃত্যু ৩৫ জন লোকৰ।আৰু গুৰুতৰভাৱে আহত হয় ১৮জনকৈ লোকে।জানিব পৰা মতে,ভক্তসকলৰ এটা ডাঙৰ ভিৰ কংক্ৰিটৰ শ্লেবৰ ওপৰত থিয় হৈ আছিল যিয়ে তেওঁলোকৰ ওজনৰ বাবে তলত খহি পৰে যাৰ ফলত ডজন ডজন লোক প্ৰায় 40 ফুট (12 মিটাৰ) গভীৰ কুঁৱাত ডুব যায়।ঘটনা সংঘটিত হোৱাৰ পাছতে উদ্ধাৰকাৰীয়ে উদ্ধাৰ অভিযান চলাই যদিও এই পৰ্যন্ত ৩৫ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে।আহত লোকসকলক উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতালৈ প্ৰেৰণ কৰে।উল্লেখ্য যে কুঁৱাটোৰ ভিতৰত সোমাই পৰা লোকসকলৰ অধিকাংশই মহিলা আৰু শিশু।এই ঘটনাৰ পিছত সমগ্ৰ দেশজুৰি শোকৰ ছাঁ পৰিছে।

প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰৰ জড়িয়তে দুখ প্ৰকাশ কৰিছে।
মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মৃতকৰ আত্মীয়সকলক ৫,০০,০০০ টকা আৰু আহতসকলক ৫০,০০০ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।