Massive fire breaks out in Jonai : বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত ভস্মীভূত চাৰিটাকৈ বাসগৃহ

নিউজ ডেস্ক,২৯জুন : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত চাৰিটাকৈ বাসগৃহ ।
জোনাইৰ তেলাম নেপালী জাৰপুম গাঁৱত শুকুৰবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ জোনাইৰ তেলাম নেপালী জাৰপুম গাঁৱৰ নিবাসী দেৱাল পেগু নামৰ এজন লোকৰ ঘৰৰ পৰা নিশা প্ৰায় এঘাৰ মান বজাত জুইৰ সূত্ৰপাত হয় ৷ ফলত জুইৰ লেলিহান শিখাই কাষতে থকা হেমেন কুলি, তুলন সোণোৱাল আৰু নিৰুমাই পেগু নামৰ আন তিনিটা পৰিয়ালৰ বাসগৃহত জুই আৱৰি ধৰে(Massive fire breaks out in Jonai) ৷
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে জোনাই অগ্নিনিৰ্বাপক বাহিনীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে ৷ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপন কৰে যদিও ইতিমধ্যে দেৱাল পেগু আৰু তুলন সোণোৱালৰ বাসগৃহ দুটা সম্পূৰ্ণৰূপে জুইত জাহ যায় । লগতে হেমেন কুলি আৰু নিৰুমাই পেগুৰ বাসগৃহটো আংশিকভাৱে ৰক্ষা পৰে ৷ এই ভয়ংকৰ অগ্নিকাণ্ডত চাৰিটা পৰিয়ালৰে সকলো সা-সম্পত্তি ভষ্মীভূত হয় ।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ। ইফালে সকলো হেৰুৱাই গৃহহীন হৈ পৰিছে দেৱাল পেগু, তুলন সোণোৱালৰ পৰিয়াল ৷ সেয়ে অগ্নিকাণ্ডত সমস্ত হেৰুওৱা পৰিয়ালসমূহক জোনাই মহকুমা প্ৰশাসন তথা চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালকেইটাই(Massive fire breaks out in Jonai)।
লগতে পঢ়ক : Massive fire breaks out in Dalgaon : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ব্যৱসায়ী প্ৰতিষ্ঠান