Massive fire breaks out in Bokajan :বিধ্বংসী অগ্নিকাণ্ড;ভস্মীভূত ৫০টাকৈ বাসগৃহৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তিৰ
বোকাজান,২৫জানুৱাৰী : বোকাজানৰ লাহৰীজানত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷
অসম নগালেণ্ড সীমান্তৰ লাহৰীজানৰ দুদু কলনীত আজি সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো । এই অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে ভয়ংকৰ আছিল যে নিমিষতে জুইত ভস্মীভূত হয় প্ৰায় ৫০ টাৰো অধিক বাসগৃহ তথা ভাড়াঘৰ ধ্বংস লগতে লক্ষাধিক টকাৰ সম্পত্তি(Massive fire breaks out in Bokajan)৷
জানিব পৰা মতে, এই অগ্নিকাণ্ডত কেবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটে যাৰ ফলত পৰিস্থিতি আৰু অধিক ভয়াবহ হৈ পৰে ৷
অৱশ্যে নগালেণ্ডৰ ডিমাপুৰ আৰু বোকাজানৰ অগ্নি আৰু দূৰ্যোগ প্ৰশামন বিভাগে অগ্নি নিয়ন্ত্ৰণ কৰে ৷
লগতে পঢ়ক :Drive Against Illegal Cultivation of Ganja: চাপৰত একাংশ অসাধু লোকে মাকৈ খেতিৰ মাজত কৰিছে গাঞ্জা খেতি