Local, Vocal, Global

Massive fire breaks out at Visakhapatnam fishing harbour : ভয়ংকৰ অগ্নিকাণ্ড; জুইত ভস্মীভূত কেইবা কোটি টকাৰ সা-সম্পত্তি

নেশ্যনেল ডেস্ক, ২০ নৱেম্বৰ : এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । মাছৰ বন্দৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো । এই অগ্নিকাণ্ডটো ইমানে ভয়ংকৰ আছিল যে ২৫খনকৈ নাও জুইত জাহ যায়(Massive fire breaks out at Visakhapatnam fishing harbour) ।

দেওবাৰে নিশা বিশাখাপট্টনমৰ ভিজাগ বন্দৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো । জানিব পৰা মতে, বিশাখাপট্টনমৰ মাছৰ বন্দৰত এখন নাওত প্ৰথমে জুইৰ সূত্ৰপাত হয় আৰু তাৰ পিছতে আন নাওবোৰতো বিয়পি পৰে জুই । এই জুইত বহু নাও ভস্মীভূত হয়(25 Boats Turn To Ash, Navy Called In After Fire At Visakhapatnam Harbour) ।

প্ৰাপ্ত তথ্য অনুসৰি, এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ২৫খন মাছ মৰা কাৰ্যত ব্যৱহৃত হোৱা নাও সম্পূৰ্ণৰূপে জুইত জাহ যায়। এই অগ্নিকাণ্ডৰ ফলত ধ্বংস হোৱা প্ৰতিখন নাওৰ মূল্য প্ৰায় ১৫ লাখ টকা । এই অগ্নিকাণ্ডটোৰ ফলত প্ৰায় ৪ৰ পৰা ৫ কোটি টকাৰ লোকচান হোৱা বুলি অনুমান কৰা হৈছে(Massive fire breaks out at Visakhapatnam fishing harbour, over 25 boats gutted)।

এই অগ্নিকাণ্ডৰ ঘটনাৰ বিষয়ে স্থানীয় লোকে জনোৱা অনুসৰি , এই অগ্নিকাণ্ডটো ইমানে ভয়ংকৰ আছিল যে ইতিমধ্যে ২৫ খনতকৈও অধিক নাও জ্বলি গৈছে ।

বন্দৰত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাই । জুই নিয়ন্ত্ৰণৰ বাবে বিষয়াসকলে বিশাখাপট্টনম বন্দৰ কৰ্তৃপক্ষৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ বিশেষ ইঞ্জিন আনে । এই অগ্নিকাণ্ড নিয়ন্ত্ৰণৰ বাবে একাধিক অগ্নিনিৰ্বাপক বাহিনীৰ বাহন বিফল হোৱাত ভাৰতীয় নৌসেনাৰ জাহাজ আনিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখ্য যে, এই অগ্নিকাণ্ডৰ ঘটনাটো কোনো অচিনাকি ব্যক্তিয়ে জুই লগাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

প্ৰত্যক্ষদৰ্শীৰ জনোৱা অনুসৰি দেওবাৰৰ নিশা প্ৰায় ১১ মান বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত কিছুমান নাও চিকাৰ শেষ কৰি মাছ ধৰা বন্দৰলৈ উভতি আহিছিল ৷ আন কিছুমানে ইন্ধন ভৰাই চিকাৰ কৰিবলৈ যোৱাৰ প্ৰস্তুতি চলাইছিল । এই সময়তে এই অগ্নিকাণ্ড সংঘটিত হয় (25 boats gutted in fire at Visakhapatnam Fishing Harbour)।

এই অগ্নিকাণ্ডত বিক্ৰীৰ বাবে সাজু হোৱা সকলো মাছ জ্বলি যোৱাৰ বাবে চিন্তিত হৈ পৰিছে নাৱৰ মালিক আৰু অন্যান্য শ্ৰমিকসকল । এই ঘটনাৰ বাবে লাখ লাখ সা-সম্পত্তিৰ ক্ষতি হোৱাৰ আশংকা প্ৰকাশ কৰি নাৱৰ গৰাকীসকলে চকুলো টুকিছে ৷

বিশাখাপট্টনমৰ আৰক্ষী আয়ুক্ত ৰবি শংকৰে জনোৱা মতে, দেওবাৰে নিশা প্ৰথমে এখন মাছ ধৰা নাওত অগ্নিসংযোগ হৈছিল। অগ্নিসংযোগ হোৱা নাওখন বাকী নাওসমূহৰ পৰা আঁতৰাই পঠিওৱা হৈছিল যদিও বতাহ আৰু পানীৰ প্ৰবাহে অগ্নিসংযোগ হোৱা নাওখনক পুনৰ বাকী নাওসমূহৰ কাষলৈ লৈ অহাৰ ফলতে জুই গোটেই নাওবোৰলৈ বিয়পি যায়। যাৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, নাওকেইখনত ডিজেল কণ্টেইনাৰ আৰু গেছ চিলিণ্ডাৰে জুইত ইন্ধন যোগোৱাত সহায় কৰাৰ ফলতে সমগ্ৰ জেটি এলেকাটো জুইত জাহ গৈছে।

জ্যেষ্ঠ আৰক্ষী বিষয়া আনন্দ ৰেড্ডীয়ে জানিবলৈ দিয়া মতে, দেওবাৰে নিশা প্ৰায় ১১:৩০ বজাত এই অগ্নিকাণ্ড সংঘটিত হয়। তেওঁ লগতে কয় যে, এই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও নিশ্চিত হোৱা নাই। সৌভাগ্যক্ৰমে এই অগ্নিকাণ্ডৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাই বুলিও তেওঁ জনায়। লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

আনহাতে কোনো অপৰাধীয়ে নাওকেইখনত জুই লগাই দিয়াৰ সন্দেহ মাছমৰীয়াসকলৰ। ইয়াৰে এখন নাওত থকা দল এটাই এই অগ্নিকাণ্ড সংঘটিত কৰা বুলিও সন্দেহ প্ৰকাশ কৰিছে মাছমৰীয়াসকলে।

লগতে পঢ়ক :Arms seized in Manipur : মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ