Arms seized in Manipur : মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ
নিউজ ডেস্ক , ২০ নৱেম্বৰ : পুনৰ মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ। মণিপুৰত নিৰাপত্তা বাহিনীৰ অভিযান । অভিযানত জব্দ মাৰণাস্ত্ৰ(Arms seized in Manipur) ।
অব্যাহত আছে চুবুৰীয়া ৰাজ্য মণিপুৰত মাৰণাস্ত্ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।
উল্লেখ্য যে, মণিপুৰৰ ইম্ফল-পশ্চিম, ইম্ফল-পূব, থৌবাল, কাকচিং, কাংপোকপি আৰু চুড়াচান্দপুৰ জিলাৰ প্ৰান্তীয় অঞ্চলত নিৰাপত্তা বাহিনীৰ দ্বাৰা অনুসন্ধান অভিযান চলোৱা হয়। এই অভিযানৰ সময়ত বিভিন্ন মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হয়।
নিৰাপত্তা বাহিনীৰ অভিযানত মেগজিনৰ সৈতে ২টা কাৰখানাত নিৰ্মিত পিষ্টল, ১টা কাণ্ট্ৰী মেড পিষ্টল আৰু মগজিন, ৫টা 36 এইচ ই হেণ্ড গ্ৰেনেডৰ, ২টা ডব্লিউ পি গ্ৰেনেড আৰু ২৫টা সজীৱ মাৰণাস্ত্ৰ জব্দ কৰা হয়। এই মাৰণাস্ত্ৰসমূহ থৌবাল জিলাৰ পেচীৰ দক্ষিণ পূবত গোৱাৰোক ৰিজাৰ্ভ হিল ৰেঞ্জৰ পৰা জব্দ কৰা হয়।
আনহাতে কাকচিং জিলাৰ কাকচিং মণ্টক আইটিআই পংমামেই ৰোডৰ পৰা ২টা মাৰণাস্ত্ৰসহ ৩০৩ ৰাইফল বিয়েৰিং ৰেগড. ৩৬৬৮১ আৰু এটা খালী মগজিন, ১টা স্থানীয় নিৰ্মিত খালী মগজিন আৰু 9 এমএম পিষ্টল আৰু ৩৬ টা এইচই হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰা হৈছে।
লগতে পঢ়ক : Drugs peddler arrested : জুৰীয়াত ড্ৰাগছসহ আটক সৰবৰাহকাৰী