ডুমডুমাৰ তালাপ বালিবজাৰ টাউন ফিল্ডত ভয়ংকৰ অগ্নিকাণ্ড

ডিজিটেল ডেস্ক:- বিশ্ব শ্ৰমিক দিৱসৰ দিনাই তিনিচুকীয়া জিলাত অঘটন।তিনিচুকীয়া জিলাৰ ডুমডুমাৰ তালাপত ভয়ংকৰ অগ্নিকাণ্ড ।এই অগ্নিকাণ্ডত তিনিগৰাকীকৈ কিশোৰী-যুৱতী গুৰুতৰভাৱে অগ্নিদগ্ধ।
তিনিচুকীয়া জিলাৰ মহন চৌধুৰী নামৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীৰ চাউমিন প্ৰস্তুত কৰা এটা ক্ষুদ্ৰ ফেক্টৰীত জুইৰ সূত্ৰপাত হয়। ঘটনাস্থলীত অগ্নিনিৰ্বাপন বাহিনীৰ বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।আৰু অগ্নিদগ্ধ তিনিওগৰাকীকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
তালাপ বালিবজাৰ হাইস্কুলৰ সমীপতে সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো ৷ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে।
চাউমিন কাৰখানাৰ অনুজ্ঞাপত্ৰক লৈ এতিয়া সৃষ্টি হৈছে সন্দেহ ৷বিদ্যালয়ৰ সমীপতে কি দৰে কাৰখানাৰ অনুমতি লাভ কৰিলে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷