Local, Vocal, Global

Massive Fire Breaks Out at Rangia : বিধ্বংসী অগ্নিকাণ্ড;জুইত ভস্মীভূত বিদ্যালয়ৰ লগতে বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰী : ৰঙিয়াত বিধ্বংসী অগ্নিকাণ্ড। জ্বলি ছাৰখাৰ প্ৰায় ৫ লক্ষাধিক টকাৰ সা-সম্পত্তি। জুইত ভস্মীভূত এখন ব্যক্তিগত বিদ্যালয়ৰ লগতে বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান(Massive Fire Breaks Out at Rangia)।

দেওবাৰে নিশা ৰঙিয়াৰ সমীপৰ ঢেপাৰগাঁওত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনাটো। শ্ববে বৰাতৰ নিশা প্ৰায় ১০ মান বজাত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ যায় এখন ব্যক্তিগত বিদ্যালয়ৰ লগতে কেবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান ।

জানিব পৰা মতে,এই অগ্নিকাণ্ড ঢেপাৰগাঁওৰ জ্ঞান দৰ্শন নামৰ জাতীয় বিদ্যালয় খনত লগাৰ ফলত প্ৰায় আটাইকেইটা শ্ৰেণী কোঠাৰ লগতে বিদ্যালয়ৰ কাৰ্যালয় আৰু সকলো নথি পত্ৰ নষ্ট হয়। জুই ফলত প্ৰায় ৫ লক্ষাধিক টকা মূল্যৰ সা-সম্পত্তি ধ্বংস হোৱা বুলি জানিব পৰা গৈছে (Massive Fire Breaks Out at Rangia)।

এই অগ্নিকাণ্ডৰ ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, বিদ্যালয় খনত পৰীক্ষাও চলি আছিল বুলি জানিব দিয়ে স্বত্বাধিকাৰী নুৰ জামাল আলীয়ে।

লগতে পঢ়ক : PM dives into sea to perform underwater puja off Dwarka : আৰব সাগৰত স্কুবা ডাইভিং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ