Massive fire breaks out at children’s eye hospital : চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা

নেশ্যনেল ডেস্ক,৫জুন : চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা(Massive fire breaks out at children’s eye hospital) ।
বুধবাৰে দিল্লীৰ লাজপত নগৰৰ আই-৭ হাস্পতালত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এখন চকু চিকিৎসালয়ত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো ।
জানিব পৰা মতে, এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে হাস্পতালখন ক’লা ধোঁৱাৱে ছানি ধৰে । লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপন বাহিনী আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় । ঘটনাস্থলীত ১৬খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয় আৰু জুই নিৰ্বাপন কৰে(Massive fire breaks out at children’s eye hospital in Delhi) ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে যদিও বৰ্তমানলৈ কোনো লোক হতাহত খবৰ পোৱা নাই।