Local, Vocal, Global

Union Cabinet to meet today : আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় কেবিনেটৰ বৈঠক

নিউজ ডেস্ক,৫জুন : আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় কেবিনেটৰ বৈঠক । ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন এনডিএ আৰু বিৰোধী ইণ্ডিয়া ব্লক দুয়োটায়ে ভৱিষ্যতৰ ৰাজনৈতিক কাৰ্যপন্থাৰ বাবে ৰণনীতি প্ৰস্তুত কৰিবলৈ বুধবাৰে বৈঠক অনুষ্ঠিত কৰিবলৈ সাজু হৈছে(Union Cabinet to meet today) ।

বুধবাৰে এনডিএৰ নেতাসকলে প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহ ৭ লোক কল্যাণ মাৰ্গত তেওঁক সাক্ষাৎ কৰিব । এনডিএৰ বৈঠকখন আবেলি প্ৰায় ৩.৩০ বজাত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে । আনহাতে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ দৰে গুৰুত্বপূৰ্ণ নেতাসকল এনডিএৰ বৈঠকত উপস্থিত থাকিব বুলি আশা কৰা হৈছে । ইফালে সন্ধিয়া প্ৰায় ৬ বজাত ৰাষ্ট্ৰীয় ৰাজধানীত ইণ্ডিয়া ব্লকৰ বৈঠক অনুষ্ঠিত হ’ব ।

উল্লেখ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ভোটগণনা মঙলবাৰে অনুষ্ঠিত হয় । ভাৰতৰ নিৰ্বাচন আয়োগৰ তথ্য অনুযায়ী, বিজেপিয়ে ২৪০ খন আসন লাভ কৰে । অৱশ্যে এই সংখ্যা ২০১৮ চনৰ ৩০৩ খন আসনতকৈ যথেষ্ট কম ।

আনহাতে, কংগ্ৰেছে শক্তিশালীভাৱে উত্থান ঘটাই ৯৯ খন আসন লাভ কৰে । লগতে নিৰ্বাচনৰ পিচৰ সকলো ভৱিষ্যদ্বাণী ওফৰাই ইণ্ডিয়া ব্লকে ২৩০ খন আসনৰ সীমা অতিক্ৰম কৰে । এইবাৰৰ নিৰ্বাচনৰ ফলাফলত তুমুল প্ৰতিদ্বন্দ্বিতা পৰিলক্ষিত হয় । কিন্তু অন্তিম মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয় কাৰ্যকালৰ বাবে শাসন ক্ষমতালৈ ঘূৰি অহাৰ সুবিধা পায় । কিন্তু বিজেপিয়ে ইয়াৰ বাবে তেওঁলোকৰ মিত্ৰজোঁটৰ আন দলসমূহৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব, বিশেষকৈ জেডি (ইউ)ৰ মুৰব্বী নীতিশ কুমাৰ আৰু টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৰ ওপৰত ।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে সংখ্যাগৰিষ্ঠতাৰ সংখ্যাত ২৭২তকৈ ৩২ খন আসন কমকৈ লাভ কৰে । ২০১৪ চনত ভাৰতীয় জনতা পাৰ্টী ক্ষমতালৈ অহাৰ পিচত প্ৰথমবাৰৰ বাবে দলটোৱে নিজাববীয়াকৈ সংখ্যাগৰিষ্ঠতা লাভৰ পৰা বঞ্চিত হয় । ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰ গঠনৰ দাবী দাঙি ধৰিছে(Union Cabinet to meet today) ।

লগতে পঢ়ক : Nitish Kumar, Tejashwi Yadav take same flight to Delhi amid coalition suspense : একেখন বিমানতে দিল্লীলৈ ৰাওনা নীতিশ কুমাৰ আৰু তেজস্বী যাদৱৰ