Local, Vocal, Global

পিংটন দ্বীপত চীনা সৈন্যৰ ব্যাপক যুদ্ধাভ্যাস

নিউজ ডেস্ক, ৪ আগষ্ট : চীনৰ (China) পিংটন দ্বীপত সমাৱেশ ঘটিছে চীনা হেলিকক্টাৰৰ। জাপানৰ টাইৱনৰ (Taiwan) সমীপৱৰ্তী এই পিংটন দ্বীপ। পিংটন দ্বীপতেই চীনা সৈন্যই ব্যাপক যুদ্ধাভ্যাস আৰম্ভ কৰিছে ।

তাৰ পাছতে পোহৰলৈ আহিছে জাপানত চীনা মিছাইল। জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী নোবুঅ’ কিশ্বিয়ে সদৰী কৰিছে লক্ষ্যভ্ৰষ্ট হৈ চীনা মিছাইল পৰিছেগৈ জাপানত।

বৰ্তমান সমগ্ৰ দক্ষিণ এছিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে এই ঘটনাই।

টাইৱানৰ চাৰিওফালে অনুশীলনৰ সময়ত চীনৰ সামৰিক বাহিনীয়ে উৎক্ষেপণ কৰা পাঁচটা বেলিষ্টিক মিছাইল জাপানৰ একচেটিয়া অৰ্থনৈতিক ক্ষেত্ৰৰ ভিতৰত অৱতৰণ কৰে।