Local, Vocal, Global

নগাঁও জিলাৰ কলিয়াবৰত উদ্ধাৰ হৈছে এটা মানৱ কংকাল

নিউজ ডেস্ক, ৪ আগষ্ট : বৃহস্পতিবাৰে অসমৰ নগাঁও জিলাৰ কলিয়াবৰৰ কুঠৰী (Kuthori ) অঞ্চলত উদ্ধাৰ হয় এটা মানৱ কংকাল। তাৰ পাছতে আতংকৰ সৃষ্টি হৈছে স্থানীয় লোকসকলৰ মাজত।

খবৰ অনুসৰি, কংকালটো এটা শৌচালয়ৰ ভিতৰত মাটিৰ তলত পুতি থোৱা অৱস্থাত পোৱা গৈছিল। আনহাতে কংকালটো উমেশ বৰা নামৰ এজনৰ বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, যোৱা তিনি মাহ ধৰি সন্ধানহীন হৈ আছিল উমেশ বৰা নামৰলোকজন। তেওঁৰ পত্নীয়ে তাৰ বাবে এটা নিৰুদ্দেশৰ গোচৰো দাখিল কৰিছিল।

অৱশ্যে, আৰক্ষীয়ে সন্দেহ কৰিছে যে পত্নীয়ে নিজেই মানুহজনক হত্যা কৰিছে আৰু গোচৰ দাখিলৰ জৰিয়তে নিজকে নিৰ্দোষী প্ৰদানৰ চেষ্টা কৰি আছে।

সম্প্ৰতি বিষয়টোৰ অধিক তদন্ত চলি আছে।