Local, Vocal, Global

Masked dacoits strike in Guwahati’s Dwaraka Nagar : মুখত কাপোৰ বান্ধি মাজনিশা ঘৰত প্ৰবেশ ৬ জনীয়া ডকাইতৰ দলৰ

নিউজ ডেস্ক,৫অক্টোবৰ : কিমান সুৰক্ষিত মহানগৰবাসী। বিগত দিনসমূহত মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা মৃতদেহ উদ্ধাৰকে ধৰি চোৰ,ডকাইতি,হত্যাকাণ্ডৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । মহানগৰীত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অপৰাধমূলক ঘটনা সংঘটিত হৈ আহিছে । যেন অপৰাধৰ ঘাটিত পৰিণত হ’বলৈ ধৰিছে মহানগৰ । মৃত্যু যেন এতিয়া সহজলভ্য হৈ পৰিছে মহানগৰীত ।

এইবাৰ মহানগৰীৰ দ্বাৰকানগৰত ভয়ংকৰ ঘটনা । শুকুৰবাৰে নিশা দ্বাৰকানগৰৰ প্ৰান্তিক পথৰ হাউচ নম্বৰ ৫৩ত সংঘটিত হ’ল এটা গাৰ নোম শিয়ৰি উঠা ঘটনা(Masked dacoits strike in Guwahati’s Dwaraka Nagar)।

জানিব পৰা মতে,দ্বাৰকানগৰৰ প্ৰান্তিক পথৰ হাউচ নম্বৰ ৫৩ৰ ঘৰত পুৱতি নিশা হাতে হাতে অস্ত্ৰ লৈ প্ৰৱেশ কৰে ৬ জনীয়া দুৰ্বৃত্তৰ দল এটাই। মুখত কাপোৰ পিন্ধি চিনেমাৰ কায়দাৰে দুৰ্বৃত্তৰ দলটোৱে খিৰিকীৰ গ্ৰীল ভাঙি প্ৰৱেশ কৰিলে দিপালী দাস নামৰ মহিলী গৰাকীৰ বাসগৃহত। হাতে-হাতে চোকা অস্ত্ৰ থকা দুৰ্বৃত্তৰ দলটোৱে ঘৰটোত প্ৰৱেশ কৰিয়েই পৰিয়ালটোৰ সদস্যসকলক ভাবুকি প্ৰদান কৰে।

ঘৰৰ ভিতৰত প্ৰৱেশ কৰিয়েই এটা কোঠাত দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে হাত-ভৰি বান্ধি পেলালে দিপালী দাসৰ পুত্ৰক। আতংকিত হৈ পৰিল সকলো। দিপালী দাসৰ পুত্ৰৰ ডিঙিত চোকা অস্ত্ৰ লগাই ঘৰত থকা সকলো নগদ ধন, সোণৰ আ-অলংকাৰ উলিয়াই দিবলৈ ভাবুকি দিলে দুৰ্বৃত্তৰ দলটোৱে। প্ৰাণৰ মমতাত ডিঙিত থকা সোণৰ চেইন, হাতৰ আঙুঠি খুলি দুৰ্বৃত্তৰ দলটোক দিলে দিপালী দাস আৰু তেঁওৰ বোৱাৰীয়েকে। আনকি দিপালী দাস নাতিনীৰ হাতত থকা সোণৰ আঙুঠিও কাঢ়ি লয় দুৰ্বৃত্তৰ দলটোৱে। তাৰ পিছতেই দুৰ্বৃত্তৰ দলটোৱে বিচাৰে নগদ ধন। ঘৰৰ লকাৰত থকা ৫ লাখ টকা উলিয়াই দিয়াত ততাতৈয়াকৈ আঁতৰি যায় দুৰ্বৃত্তৰ দলটো। ডকাইতিৰ ঘটনা সংঘটিত কৰিয়েই নিৰ্বিঘ্নে আঁতৰি যায় দুৰ্বৃত্তৰ দলটো।

লগতে পঢ়ক :Savarkar defamation case: ৰাহুল গান্ধীলৈ আদালতৰ চমন;২৩ অক্টোবৰৰ পূৰ্বে আদালতত উপস্থিত হোৱাৰ নিৰ্দেশ ৰাহুল গান্ধীক