Local, Vocal, Global

Margherita rape case:ফাষ্ট ট্ৰেক আদালতত চলিব ধৰ্ষণকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া

মাৰ্ঘেৰিটা, ৫মে’ : বৃহস্পতিবাৰে নিশা কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা অপৰাধী আনন তাঁতী আৰক্ষীৰ গুলীত গুলীবিদ্ধ হোৱাৰ পাছতেই মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছিল । ইয়াৰ পাছতে নিশাই উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ।

ইফালে আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, আগন্তুক ৩০ দিনৰ ভিতৰত অপৰাধী আনন তাঁতীৰ বিৰুদ্ধে আদালতত চাৰ্জছীট দাখিল কৰিব তিনিচুকীয়া আৰক্ষীয়ে(Police arrest Margherita rape Accused) ৷ তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱে জানিবলৈ দিয়া অনুসৰি, ফাৰ্ষ্ট ট্ৰেক আদালতত চলিব এই গোচৰৰ বিচাৰ আৰু অপৰাধী আননক কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিব তিনিচুকীয়া আৰক্ষীয়ে(Case heard in first-track court) ।

উল্লেখ্য যে, আনন তাঁতীয়ে এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি পৰৱৰ্তী পৰ্যায়ত হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখিছিল মাৰ্ঘেৰিটাৰ জয়ানগৰস্থিত এটা ভাড়াঘৰৰ চেপটিক টেংকত ৷ ১ মে’ৰ পৰা সন্ধানহীন হৈ আছিল ধৰ্ষণকাণ্ডৰ বলি হোৱা ১২ বছৰীয়া কিশোৰীগৰাকী ৷ বুধবাৰে বিয়লি স্থানীয় লোকে উদ্ধাৰ কৰিছিল কিশোৰীগৰাকীৰ মৃতদেহ ।

উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত যোৱা ২৮, ২৯ আৰু ৩০ মেত তিনি দিনীয়াকৈ অনুষ্ঠিত ৰঙালী বিহুৰ কাৰ্যসূচীৰ অন্তিম দিনটোৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান চাবলৈ মাকৰ লগত গৈছিল কিশোৰী গৰাকী। নিশা অনুষ্ঠান উপভোগ কৰি থকাৰ মাজতে কিশোৰীগৰাকীৰ টোপনি লগাত কিশোৰীগৰাকীৰ মাতৃয়ে পৰিচিত আনন তাঁতী ওৰফে স্বপন তাঁ‌তি নামৰ লোকজনৰ ঘৰত থৈ পুনৰ অনুষ্ঠান উপভোগ কৰিবলৈ যায় ।

পিছদিনা পুৱা জীয়েকক নিবলৈ আহি আনন তাঁতীৰ ঘৰত মাতৃগৰকাকীয়ে বিচাৰি নাপালে কিশোৰীগৰাকীক । ঘৰখনৰ গৰাকী স্বপন তাঁ‌তীয়ে কিশোৰীগৰাকী নিজেই ঘৰলৈ উলাই যোৱা বুলি বুলি কৈ মাকক ঘুৰাই পঠায় । কিন্তু মহিলাৰগৰাকীয়ে নিজৰ ঘৰৰ লগতে কতো জীয়েকৰ সন্ধান নাপাই কাষ চাপে আৰক্ষীৰ । কিশোৰী গৰাকীৰ নিৰুদ্দেশৰ সন্দৰ্ভত পৰিয়ালৰ লোকে মাৰ্ঘেৰিটা থানাত এখন এজাহাৰো দাখিল কৰিছিল ।

লগতে পঢ়ক : Brutal murder created sensation in Margherita : কিশোৰীক ধৰ্ষণ কৰি হত্যাৰ অভিযোগ