Local, Vocal, Global

Daily Horoscope for 5th may কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল…

মেষ ৰাশি- গাড়ী চলোৱাৰ সময়ত সাৱধান হওক। হঠাৎকোনো ভাল খবৰ আহিব পাৰে। দাম্পত্য জীৱন সুখৰ হ’ব। ৰাজনীতিৰ সৈতে জড়িত সকলে আজি ভাল খবৰ লাভ কৰিব।

বৃষ ৰাশি- ৰাজনীতিৰ সৈতে জড়িত সকলে আজি গুৰুত্বপূৰ্ণ পদ বা দায়িত্ব লাভ কৰিব পাৰে। মন সুখী হৈ থাকিব।ব্যৱসায়ত কৰা বিনিয়োগে আজি আপোনাক লাভ প্ৰদান কৰিব। ঘৰুৱা সুখ বৃদ্ধি পাব।

মিথুন ৰাশি- আজি আপোনাৰ মনোবলে আপোনাক কিছুমান গুৰুত্বপূৰ্ণ কামত সফলতা প্ৰদান কৰিব।পূৰ্বৰ তুলনাত শক্তিশালী হ’ব অৰ্থনৈতিক অৱস্থা। পৰিয়ালৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপুনি আজি গ্ৰহণ কৰিবলগীয়া হ’ব পাৰে।

কৰ্কট ৰাশি- আপোনাৰ আচৰণে আজি আনক আকৰ্ষিত কৰিবলৈ সক্ষম হ’ব। নতুন ব্যৱসায়ত বিনিয়োগ কৰাৰ পূৰ্বে ভালদৰে চিন্তা কৰক আৰু অভিজ্ঞজনৰ পৰামৰ্শ মানি চলক। ঘৰত বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

সিংহ ৰাশি-আজি আপুনি খৰখেদাকৈ কোনো কাম কৰাটো পৰিহাৰ কৰক। পিতৃৰ লগত মতানৈক্য হ’ব পাৰে। লেখা-বৌদ্ধিক কামত আজি সন্মান লাভ কৰিব পাৰে। লেনদেন সন্দৰ্ভত কাৰোবাৰ লগত বিবাদ হ’ব পাৰে। অৰ্থনৈতিক অৱস্থা স্বাভাৱিক হ’ব।চাকৰি সলনি কৰাৰ সম্ভাৱনা আছে।

কন্যা ৰাশি- আজি আপোনাৰ পৰিয়ালত শান্তি আৰু সুখ থাকিব। আয় বৃদ্ধি পাব। দীৰ্ঘদিন ধৰি পৰিকল্পনা কৰি থকা কাম আজি সম্পূৰ্ণ হৈ উঠিব পাৰে। ব্যৱসায় বৃদ্ধিত পৰিয়ালৰ সহায় লাভ কৰিব।

তুলা ৰাশি- আজি আপোনাৰ এজন বিশেষ বন্ধুক লগ পাব পাৰে।নতুন মতাদৰ্শৰ প্ৰভাৱে সামাজিক সুবিধা প্ৰদান কৰিব। সন্মান বৃদ্ধি পাব। চাকৰি বা ব্যৱসায়ৰ সৈতে জড়িত সকলে ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে।

বৃশ্চিক ৰাশি- আজি আপোনাৰ বাবে বহুত ভাল দিন হব। নতুন মানুহৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে। আত্মবিশ্বাস বাঢ়িব।বন্ধুৰ সম্পূৰ্ণ সমৰ্থন পাব। সমাজত সন্মান বৃদ্ধি পাব।

ধনু ৰাশি- আয় বৃদ্ধিৰ লগতে অধিক ব্যয়ে আজি আপোনাক আৰ্থিক সমস্যাত পেলাব পাৰে। আত্মীয় আৰু বন্ধু-বান্ধৱীৰ পৰা হঠাতে উপহাৰ পাব। কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। অৱশ্যে আজি পৰিশ্ৰম বৃদ্ধি পাব পাৰে। পিতৃৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব।

মকৰ ৰাশি- কোনো সিদ্ধান্ত আবেগত গ্ৰহণ নকৰিব। নিজৰ বিবেচনাৰে আগবাঢ়ি যাওক আৰু বুদ্ধি মত্তাৰে কাম কৰক।শিশুৰ লগত মতানৈক্য বা তেওঁলোকৰ চিন্তাই মনটোক অস্থিৰ কৰি ৰাখিব। বন্ধুৰ সহায়ত উপাৰ্জনৰ উৎস বিকশিত হ’ব পাৰে। আজি ভ্ৰমণৰ যোগ আছে। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে।

কুম্ভ ৰাশি- আজি আপোনাৰ দিনটো অনুকূল হ’ব। ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব। হঠাৎ আৰ্থিক লাভৰ সুযোগ আহিব। ঋণ দিয়া ধন আজি ঘূৰাই পাব পাৰে। এই ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ উন্নত ফল লাভ কৰিব। দাম্পত্য জীৱন সুখৰ হ’ব।

মীন ৰাশি- কৰ্মৰ চাপ বৃদ্ধিৰ লগে লগে মানসিক অশান্তিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। ব্যৱসায় বৃদ্ধিৰ পৰিকল্পনা কৰিব পাৰে। দাম্পত্য জীৱন সুখৰ হ’ব।