Local, Vocal, Global

Encounter in Chhattisgarh: মহিলাসহ দুই মাওবাদী নিহত

নেশ্যনেল ডেস্ক, ৮ মে’: ছত্তীশগড়ৰ চুকমা জিলাৰ ভেজি অঞ্চলত ডিষ্ট্ৰিক্ট ৰিজাৰ্ভ গাৰ্ডৰ এটা অভিযানকাৰী দল আৰু মাওবাদীৰ সংঘৰ্ষ (District Reserve Guard)। এই সংঘৰ্ষত দুজন মাওবাদী নিহত হয় (Maoist Killed in Encounter)।

জিলাখনৰ আৰক্ষী অধীক্ষক সুনীল শৰ্মাৰ নেতৃত্বত চলোৱা হৈছিল এই অভিযান। জানিব পৰা মতে অঞ্চলটোত বৰ্তমানেও উগ্ৰপন্থীৰ বিৰুদ্ধে অব্যাহত আছে অভিযান(Search Operation Against Naxalites) ।

এই অঞ্চলটোতে যোৱা ১ মে’ত মাওবাদীয়ে সুকমা জিলাৰ ইটাপাৰা অঞ্চলত নিৰ্মাণকাৰ্যত নিয়োজিত দুখন টিপাৰ ট্ৰাকত আক্ৰমণ কৰি বাহন দুখন জ্বলাই দিছিল ।

উল্লেখ্য যে যোৱা ২৬ এপ্ৰিলত ছত্তীশগড়ৰ দন্তেৱাড়াত মাওবাদীয়ে সংঘটিত কৰা আই ই ডি বিস্ফোৰণত কমেও ১০ জন আৰক্ষীৰ জোৱান আৰু এজন চালকৰ মৃত্যু হৈছিল (IED Blast in Chhattisgarh) । আক্ৰমণটো দন্তেৱাড়াৰ অৰণপুৰ অঞ্চলত সংঘটিত হৈছিল ।

মাওবাদীয়ে এই আই ই ডি বিস্ফোৰণৰ জৰিয়তে নিৰাপত্তাৰক্ষীৰ জোৱানসকলক অনা নিয়া কৰা এখন ভাড়াতীয়া বাহন উৰুৱাই দিছিল । বিস্ফোৰণটোত নিহত নিৰাপত্তাৰক্ষীসকল জিলা ৰিজাৰ্ভ গাৰ্ডৰ চমুকৈ ডি আৰ জিৰ আছিল।

ডি আৰ জিত নিয়োজিত বেছিভাগেই মাওবাদীৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰশিক্ষণপ্ৰাপ্ত স্থানীয় জনজাতীয় লোক । ঘটনাটো সংঘটিত হোৱাৰ দিনা জিলাখনৰ অৰণপুৰ অঞ্চলত মাওবাদীৰ উপস্থিতিৰ ইনপুট লাভ কৰি ডি আৰ জিৰ এটা দল সেই স্থানলৈ গৈছিল । অভিযানৰ অন্তত অঞ্চলটোৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হৈছিল এই আই ই ডি বিস্ফোৰণ।

লগতে পঢ়ক : Kerala Tourist Boat Tragedy: নাও ডুবি ২২ গৰাকী লোকৰ সলিল সমাধি