Local, Vocal, Global

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বানৰ সংহাৰ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বানপানীয়ে বিপদ সীমাৰ প্ৰায় ১.৩৩মিটাৰ ওপৰেৰে প্ৰবাহিত হৈ জিলাখনৰ মানকাচৰ ৰাজহ চক্ৰৰ ৭ খন পঞ্চায়তৰ ৩৫ খনকৈ  গাওঁ আৰু দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ ৮ খনকৈ গাওঁ পঞ্চায়তৰ ৩৭ খনকৈ গাওঁ প্লাবিত কৰাৰ লগতে কেবা হাজাৰ বিঘা কৃষি ভুমি বুৰাই এক জটিল ৰূপ ধাৰণ কৰিছে। বানপানীৰ কৱলত পৰি দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ ১৩০৮১৬ গৰাকী লোক আৰু মানকাচৰ ৰাজহ চক্ৰৰ ৯৪৩৯৬ গৰাকী লোক আক্ৰান্ত হৈ এক জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে। জিলাখনত ৫৫ টাকৈ আশ্ৰয় শিৱিৰত আৰু ওখ ভেটি, পথৰ ওপৰত মানুহে পশুধনসহ আশ্ৰয় লৈছে । ব্ৰহ্মপুত্ৰৰ বানে জিলাখনৰ সুখচৰ থানা প্লাবিত কৰাত থানা খনৰ ঘৰৰ মজিয়াত একাঠু পানী হৈছে। আনকি থানাখনৰ হাজোত, ৰান্ধনীশাল, টিউবেল বুৰাই পেলোৱাত আৰক্ষীয়ে এক জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে। সুখচৰ থানা খন বানৰ পানীয়ে প্লাবিত কৰাত আৰক্ষীয়ে জব্দ কৰা মটৰ বাইক সমুহ স্থানান্তৰ কৰিব লগা হৈছে। তাৰোপৰি একাঠু পানীৰ মাজতেই আৰক্ষীয়ে নিজৰ দায়িত্ব সমুহ নিয়াৰিকৈ পালন কৰিব লগা হৈছে।