Local, Vocal, Global

Manipur reports first case of JN.1 sub-variant of COVID-1 :কেৰালা, ৰাজস্থানৰ পাছত এইবাৰ মণিপুৰত ধৰা পৰিছে জে এন 1 আক্ৰান্ত ৰোগী

নিউজ ডেস্ক, ২ জানুৱাৰী : এইবাৰ মণিপুৰত ক’ভিডৰ নতুন প্ৰকৰণ জে এন 1 । কেৰালা, ৰাজস্থানৰ পাছত এইবাৰ মণিপুৰত ধৰা পৰিছে জে এন 1 আক্ৰান্ত ৰোগী ৷

এ এন আইত প্ৰকাশ পোৱা বাতৰি অনুসৰি, মণিপুৰৰ সেনাপতি জিলাৰ পাওমাতাৰ এজন লোকৰ শৰীৰত ধৰা পৰিছে জে এন 1 ৷

জানিব পৰা মতে, দিল্লীৰ পৰা ডিমাপুৰলৈ বিমানেৰে আহিছিল সংক্ৰমিত ব্যক্তিজনে ৷ তাৰ পিছত ডিমাপুৰৰ পৰা সেনাপতিলৈ পথেৰে যাত্ৰা কৰিছিল ৷ ইফালে প্ৰাথমিক পৰীক্ষাত জে এন 1 উপস্থিত ধৰা পৰিছে যদিও সেয়া নিশ্চিত কৰিবলৈ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে(Manipur reports first case of JN.1 sub-variant of COVID-19) ৷

প্ৰাথমিক পৰীক্ষাত ক’ভিডৰ নতুন প্ৰকৰণ জে এন 1ত আক্ৰান্ত হোৱা বুলি তথ্য পোৱাৰ পাছতে সতৰ্কতা অৱলম্বন কৰিছে জিলা স্বাস্থ্য বিভাগে ৷ যাতে ক’ভিডৰ নতুন প্ৰকৰণ অধিক বিয়পি নাযায় তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যখনৰ চৰকাৰে ৷ ইফালে প্ৰতিদিনে ক’ভিডৰ নতুন প্ৰকৰণত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷

লগতে পঢ়ক : Japan Earthquake : জাপানত হোৱা ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা ১৫জনলৈ বৃদ্ধি