মণিপুৰ আইইডি বিস্ফোৰণ এজনৰ মৃত্যু আৰু আন ৪ জন আহত
নিউজ ডেস্ক, ৩০ মে’- দেওবাৰে মাজনিশা মণিপুৰৰ থৌবাল জিলাৰ খোংজোম গাঁৱৰ চাপাম মায়াই লেইকাইৰ এটা কমিউনিটি হলৰ ভিতৰত সন্দেহজনক ইম্পিউৰিচিং এক্সক্লোচিভ ডিভাইচ (Impurising Exclusive Device, IED) বিস্ফোৰণ হোৱাৰ ফলত এজন লোকৰ মৃত্যু হয় আৰু আন ৪ জন আহত হয়।
থৌবাল আৰক্ষীয়ে জনোৱা অনুসৰি, আহতসকলক চিকিৎসাৰ বাবে থৌবাল চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু মাজ ৰাষ্টাতে এজন লোকৰ মৃত্যু হয়।
মৃতব্যক্তিজনক পশ্চিম বংগৰ পংকজ মহাতো বুলি চিনাক্ত কৰা হৈছে আৰু আহতসকল অৰূপ মণ্ডল, সৌভিক পাত্ৰ, অপোৰভা মণ্ডল আৰু ৰাজেশ ৰামনিক ।
আৰক্ষীয়ে ফৰেনচিক পৰিদৰ্শনৰ বাবে ঠাইখন ঘেৰাও কৰিছে।
ইফালে, আৰক্ষীয়ে ঘটনাসন্দৰ্ভত পৰৱৰ্তী অনুসন্ধানৰ বাবে খোংজোম আৰক্ষী থানাত এটা এটা গোচৰ ৰুজু কৰিছে বুলি সংবাদ সংস্থা এএনআইয়ে জানিবলৈ দিয়ে।