Local, Vocal, Global

Foreign hand behind Manipur violence: মণিপুৰৰ হিংসাৰ আঁৰত বিদেশী শক্তিৰ হাত থকাৰ ইংগিত মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ

নেশ্যনেল ডেস্ক , ১ জুলাই : মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে শনিবাৰে ইংগিতেৰে কয় যে ৰাজ্যখনত বহুসংখ্যক লোকৰ প্ৰাণ কাঢ়ি নিয়া জনগোষ্ঠীয় হিংসাৰ আঁৰত বহিঃ শক্তি বা উপাদানৰ হাত থাকিব পাৰে (External forces or elements) আৰু ইয়াক “পূৰ্ব-পৰিকল্পিত”(Seems pre planned)যেন অনুমান হয় ।

সংবাদ প্ৰতিষ্ঠান এএনআইৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মণিপুৰৰ মুখ্যমন্ত্ৰী ( Manipur Chief Minister N Biren Singh)য়ে কয়, “মণিপুৰৰ সীমাতে আছে ম্যানমাৰ (Manipur shares its borders with Myanmar)। তাৰোপৰি চীনো কাষতে অৱস্থিত। আমাৰ সীমাৰ ৩৯৮ কিলোমিটাৰ অঞ্চল একেবাৰে সুৰক্ষিত নহয় । আমাৰ সীমান্তত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে, কিন্তু এক শক্তিশালী আৰু বিস্তৃত পৰিসৰত নিৰাপত্তা বাহিনীৰ মোতায়েনে কৰিলেও ইমান বিশাল অঞ্চল এটা সামৰি লোৱাটো সম্ভৱ নহয়। অৱশ্যে, ৰাজ্যখনত যি ঘটি আছে সেয়া প্ৰত্যক্ষ কৰি আমি অস্বীকাৰ কৰিব নোৱাৰো অথবা দৃঢ়তাৰে নিশ্চিত কৰিব নোৱাৰো যদিও ইয়াক পূৰ্বপৰিকল্পিত যেন লাগে, কিন্তু কাৰণটো স্পষ্ট নহয় (Foreign hand behind Manipur violence)।”

ৰাজ্যখনলৈ শান্তি ঘূৰাই অনাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সকলো প্ৰচেষ্টা চলাই আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, দিনটোৰ আৰম্ভনিতে কুকি ভাই-ভনীসকলৰ সৈতে টেলিফোনযোগে তেওঁ বাৰ্তালাপ কৰিছিল আৰু কৈছিল, “আহক আমি ক্ষমা কৰি পাহৰি যাওঁ”।

মুখ্যমন্ত্ৰী বীৰেণ সিঙে কয়,”ৰাজ্যখনৰ শান্তি পুনৰুদ্ধাৰৰ বাবে আমি সকলো স্তৰত সকলো প্ৰচেষ্টা চলাই গৈছো । কেইঘণ্টামান আগতে, মই আমাৰ কুকি ভাই-ভনীসকলৰ সৈতে টেলিফোনযোগে কথা পাতিছিলো যে আহক আমি ক্ষমা কৰি পাহৰি যাওঁ(lets forgive and forget); মিলামিছা কৰি একেলগে থাকিবলৈ আগুৱাই আহক যিদৰে আমি আগতে একেলগে আছিলো । ম্যানমাৰৰ অস্থিৰতা (Myanmar turmoil)ৰ পৰিপ্ৰেক্ষিতত বাহিৰৰ পৰা অহা লোকসকলক পৰীক্ষা কৰি পৰিস্থিতি উন্নত হ’লেই তেওঁলোকক ঘূৰাই পঠিয়াবলৈহে চৰকাৰে চেষ্টা কৰিছে । আমাৰ অগ্ৰাধিকাৰ হৈছে মণিপুৰলৈ শান্তিৰ পৰিৱেশ আৰু স্বাভাৱিকতা ঘূৰাই অনা (Restore peace and normalcy in Manipur)।’

উত্তৰ-পূবৰ ৰাজ্যখনৰ জনসাধাৰণৰ প্ৰতি এক আৱেগিক আহ্বান জনাই তেওঁ কলে, সকলো জনজাতি একেলগে থাকিব লাগিব । লগতে কয় যে তেওঁ মণিপুৰক জাতিগত সীমাৰ ভিত্তিত বিভাজিত হ’বলৈ নিদিয়ে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় “আমি এটা। মণিপুৰ এখন সৰু ৰাজ্য, কিন্তু আমাৰ ৩৪ টা জনগোষ্ঠী আছে। এই ৩৪ জনগোষ্ঠীৰ আটাইকেইটা একেলগে থাকিব লাগিব । আমি মাত্ৰ সাৱধান হ’ব লাগিব যাতে বাহিৰৰ পৰা বিভিন্ন মানুহ আহি ইয়াত থিতাপি নলয়। আমি নিশ্চিত কৰিব লাগিব যাতে কোনো জনগাঁথনিগত ভাৰসাম্যহীনতা ইয়াত নাথাকে । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে মই প্ৰতিশ্ৰুতি দিছো যে মই মণিপুৰক ভাঙিবলৈ নিদিওঁ আৰু ৰাজ্যখনত পৃথক প্ৰশাসনিক কৰ্তৃপক্ষও নাথাকিব।সকলোকে একেলগে ৰাখিবলৈ মই ত্যাগ কৰিবলৈ প্ৰস্তুত।”

অনুসূচীত জনজাতিৰ তালিকাত মেইটিক অন্তৰ্ভুক্ত কৰাৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে (All Tribal Students Union) আয়োজন কৰা এক সমদলৰ সময়ত হোৱা সংঘৰ্ষৰ পিছত ৩ মে’ত ৰাজ্যখনত জাতিগত হিংসাৰ সূত্ৰপাত ঘটিছিল (Ethnic violence erupted in Manipur on May3) ।
লগতে পঢ়ক: Manipur Violence : পদত্যাগ নকৰাৰ সিদ্ধান্ত এন বীৰেণ সিঙৰ