Watch | Mangaldai AMSU Protest:’চৰকাৰে উচ্ছেদ অভিযান বন্ধ নকৰিলে দিছপুৰ চল’অভিযান আৰম্ভ কৰিব আমছুৱে ‘
মঙলদৈ: ”চৰকাৰে উচ্ছেদ অভিযান বন্ধ নকৰিলে দিছপুৰ চল’অভিযান আৰম্ভ কৰিব আমছুৱে, সংখ্যালঘু লোকক যদি জোকাই লয় সংখ্যালঘু ছাত্ৰ ইউনিয়নে মুখ্যমন্ত্ৰীৰ গাদি তচনচ কৰি দিব” ৷ পৰৱৰ্তী সময়ত আৰু কঠোৰ আন্দোলন আৰম্ভ কৰাৰ ভাবুকি আমছুৰ ৷ এই বিষ্ফোৰক বক্তব্য আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদৰ ৷
উচ্ছেদৰ বিৰুদ্ধে মঙলদৈত আমছুৰ প্ৰতিবাদ,প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা ৷ মঙলদৈৰ খাৰুপেতীয়া বাছ আস্থানত শতাধিক আমছু সদস্যৰ উপস্থিতিত এই প্ৰতিবাদী কাৰ্যসূচী ৷
প্ৰতিবাদকাৰী দলটো খাৰুপেতীয়া বাছ আস্থানৰ পৰা সমদল উলিয়াই জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যোৱাত বাধা প্ৰশাসনৰ ৷
চৰকাৰে চলোৱা উচ্ছেদক তীব্ৰ বিৰোধিতা কৰি অসম চৰকাৰ হায় হায়, অমানবীয় উচ্ছেদ বন্ধ কৰক, আমছু জিন্দাবান ধ্বনিৰে উত্তাল কৰি তোলে পৰিবেশ ৷ প্ৰতিবাদী দলটোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক: Watch | Bilasipara AAMSU protest:বিলাসীপাৰাত আমছুৰ উত্তাল প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি