Local, Vocal, Global

অভিনেত্ৰী মন্দিৰা বেদী স্বামীহাৰা হ’ল

জনপ্ৰিয় অভিনেত্ৰী মণ্ডিৰা বেদীৰ স্বামী ৰাজ কৌশলৰ আজি ৰাতিপুৱা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। ছবি নিৰ্মাতা আৰু পৰিচালক কৌশাল হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি সদৰী কৰিছে পৰিয়ালৰ সূত্ৰই। মুম্বাইত মৃত্যু হোৱা কৌশালে দেওবাৰে বন্ধুৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল। য’ত ‘চুপাৰ চান্দে’, ‘চুপাৰ ফ্ৰেইণ্ড’, ‘চুপাৰ ফান’ বুলি কেপচন দিছিল। পৰিচালকগৰাকীৰ মৃত্যুত শোক ব্যক্ত কৰিছে বলিউডৰ কেইবাগৰাকী অভিনেতা, অভিনেত্ৰীয়ে। ৪৯ বছৰত বয়সত বুধবাৰে পুৱা মৃত্যু হয় কৌশালৰ।

দুয়ো ১৯৯৯ চনত বিবাহপাশত আৱদ্ধ হৈছিল আৰু তাৰ পিছত  তেওঁলোকৰ পুত্ৰ বীৰৰ আৰু কণ্যা তাৰাৰ পিতৃ-মাতৃ হৈছিল। মাণ্ডিৰা আৰু ৰাজে শিশুসকলৰ সৈতে জীৱন উপভোগ কৰি আছিল, কিন্তু কোনে জানিছিল যে তেওঁলোকৰ জীৱন হঠাতে সলনি হ’ব।