Local, Vocal, Global

অখিল গগৈৰ ন্যায়ৰ যুঁজত সমভাগী জনপ্ৰিয় কন্ঠশিল্পী মানস ৰবীন

অখিল গগৈৰ ন্যায়ৰ যুঁজত সমভাগী জনপ্ৰিয় কন্ঠশিল্পী মানস ৰবীন। ৰাইজৰ স্বাৰ্থত প্ৰতিবাদ কৰি কাৰাবন্দী হৈ জীৱন পাৰ কৰা অখিল গগৈৰ ন্যায়ৰ বাবে মানস ৰবীনে আগবঢ়ালে ২ লাখ টকা। জনপ্ৰিয় কন্ঠশিল্পী গৰাকীয়ে অখিল গগৈক ৰাইজৰ পক্ষত ৰাখিবলৈ ৰাইজক টঙালী বান্ধিবলৈ আহ্বান জনাইছে।তেওঁ কয় যে ৰাইজে নখ জোকাৰিলে নৈ বয়  লগতে ৰাইজক অখিল গগৈৰ ন্যায়িক প্ৰক্ৰিয়াত যুঁজ দিয়াৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানক সহাঁৰি জনাবলৈও আহ্বান জনাই। জনপ্ৰিয় কন্ঠশিল্পী গৰাকীয়ে ভাৰতীয় ষ্টেট বেংকৰ 39570040035 একাউন্টত প্ৰদান কৰে এই ধনৰাশি।