Local, Vocal, Global

মানাহ ৰাষ্ট্ৰীয় উদ্যানত আটক চোৰাং চিকাৰী

চিৰাঙৰ বিজনীত আটক হয় এজন ধৃত চোৰাং চিকাৰী। আজি পুৱা প্ৰায় ৪ মান বজাত বিজনী মানাহ ৰাষ্ট্ৰীয় উদ্যানত ১৫ নং এছ.এছ.বি.বেটেলিয়ান আৰু ১৫ নং S.S.B.ৰ বিষয়া বীৰেন্দ্ৰ ভাৰতীৰ উপস্থিতিত এজন চোৰাং হৰিণ চিকাৰী বন্দুক সহ আটক কৰিবলৈ সক্ষম হয়।
চোৰাং হৰিণ চিকাৰীজন হল ধৰ্ম হাজং, ধৰ্ম হাজঙৰ ঘৰ বিজনী লাডাংগুড়িত। চোৰাং হৰিণ চিকাৰী ধৰ্ম হাজঙক জেৰা চলাইছে ১৫ নং এছ.এছ.বি.বেটেলিয়ানে।