মানাহৰ সমীপৱৰ্তী বেঁকী নৈত জব্দ চোৰাং কাঠ

ক’ৰনা মহামাৰীৰ লগতে বান-গৰাখহনীয়াৰ দৰে দুৰ্যোগৰ সুযোগ গ্ৰহণ কৰি একাংশ চোৰাং কাঠ বেপাৰীয়ে নিৰ্বিঘ্নে চলাই গৈছে ব্যৱসায় । আজি বনবিভাগৰ এটা দলে এছ এছ বিৰ সহযোগত বিশেষ সূত্ৰৰ পম খেদি বাক্সাৰ শালবাৰী মহকুমাৰ মানাহৰ অন্তৰ্গত বিশপানী আৰু খাগ্ৰাবাৰী গাওঁত বেঁকী নৈৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় চোৰাং কাঠ ৷ প্ৰায় ৭ ৰ পৰা ৮ টা মূল্যবান গছৰ চোৰাং কাঠৰ কুণ্ডা আৰু এখন নাওঁ জব্দ কৰে বনবিভাগে । উদ্ধাৰ কৰা কাঠখিনি আৰু নাওঁখন বাহঁবাৰীস্থিত বনবিভাগৰ কাৰ্যালয় লৈ যায় অভিযানকাৰী দলটোৱে । চোৰাং কাঠৰ বেহাৰ লগত জড়িতৰ সন্দেহত আটক কৰিছে এজন লোকক । চোৰাং কাঠখিনি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহাৰ সন্দেহ প্ৰকাশ কৰিছে বনবিভাগে ৷