Local, Vocal, Global

Man Elephant conflict: বিশ্বনাথত বন্যহস্তীৰ তাণ্ডৱ

বিশ্বনাথ, ২৯জুলাই : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant conflict)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

বহু বছৰ ধৰি বিশ্বনাথৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ।এনে সময়তে শুকুৰবাৰে নিশা পুনৰ বিশ্বনাথৰ ব্ৰহ্মপুত্ৰ চাপৰিৰ বালিডুবি অঞ্চলত খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই অহা এজাক বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাইচে। বিশ্বনাথৰ হজৰত আলি নামৰ ব্যক্তিজন ঘৰত বনৰীয়া হাতীৰ জাকটোৱে । বন্যহস্তীয়ে হজৰত আলি নামৰ ব্যক্তিজন ঘৰৰ বিভিন্ন সামগ্ৰী ভাঙি লণ্ড ভণ্ড কৰি পেলোৱাৰ লগতে বৃহৎ পৰিমাণৰ ধান নষ্ট কৰে ৷

ইফালে কণ-কণ শিশুকেইটিক বুকুত সাৱটি কোনোমতেপ্ৰাণ ৰক্ষা পৰে ব্যক্তিগৰাকীৰ ।

উল্লেখ্য যে, বন বিভাগকে কুম্ভকৰ্ণৰ নিদ্ৰাৰ আছে ।বিভাগক বাৰম্বাৰ খবৰ দিয়াৰ পাছতো উপস্থিত নহ’ল সেই স্থানত ৷ বন বিভাগে ঘটনাস্থলীলৈ আহি সুৰক্ষা দিয়াৰ পৰিৱৰ্তে গাঁও প্ৰধানকহে চোৱা-চিতা কৰিবলৈ কোৱাত অঞ্চলবাসীৰ মাজত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

“বন বিভাগৰ এনে কাৰ্যৰ বাবে জাঙুৰ খাই উঠিছে অঞ্চলবাসী(Man Elephant conflic in biswanath)। আৰু বনমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছে এইয়াই নেকি আপোনাৰ বিভাগৰ নমুনা? ১০ ঘণ্টা উকলি যোৱাৰ পাছতো কিয় ঘটনাস্থলীত উপস্থিত নহয় বিষয়া-কৰ্মচাৰী ?

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া। এনেধৰণৰ পৰিস্থিতিৰ কিয় সৃষ্টি হৈছে ? কাৰণ যদিহে এনে ধৰণৰ ঘটনা ভৱিষ্যতে সংঘটিত হৈয়ে থাকে, তেতিয়াহ’লে ইয়াক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহ’ব।

লগতে পঢ়ক : Girl exceptional appearance: নাঙলৰ মুঠিত ধৰি পথাৰত হাল বাইছে এগৰাকী কিশোৰীয়ে