Local, Vocal, Global

Man-Elephant conflict : শোণিতপুৰৰ চাৰিদুৱাৰত বন্যহস্তীৰ তাণ্ডৱ

শোণিতপুৰ, ১১জুন : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant conflict)।ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে ।খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
এইবাৰ শোণিতপুৰৰ চাৰিদুৱাৰত হাতী মানুহৰ সংঘাত( Man Elephant confli in Sonitpur)। চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মোলান গাঁৱত বন্যহস্তীৰ তাণ্ডৱত শংকিত হৈ পৰিছে অঞ্চলবাসী । বালিপৰা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে ভাঙি লণ্ড ভণ্ড কৰিলে মোলানগাঁৱৰ কুমাৰ ছেত্ৰী আৰু তুলসী গুৰুঙৰ বাসগৃহ। নিশাৰ সন্ত্ৰাসৰ পাচতে পুৱাও বন্য হস্তীৰ মুক্ত বিচৰনত আতংকিত অঞ্চলবাসী।

বিগত এসপ্তাহ ধৰি খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা এই বনৰীয়া হাতীটোৱে বৃহত্তৰ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। নিশাৰ পৰা কেইবাবাৰো বন বিভাগক খবৰ দিয়াৰ পাছতো বৰ্তমানলৈকে উপস্থিত হোৱা নাই বন বিভাগৰ লোক । যাৰ বাবে ক্ষোভিত হৈ পৰিছে ৰাইজ।

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া। এনেধৰণৰ পৰিস্থিতিৰ কিয় সৃষ্টি হৈছে ? কাৰণ যদিহে এনে ধৰণৰ ঘটনা ভৱিষ্যতে সংঘটিত হৈয়ে থাকে, তেতিয়াহ’লে ইয়াক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহ’ব।

লগতে পঢ়ক : Lok Sabha elections : ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে ৰাজনৈতিক দলে