Man dies of electric shock : উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট মৃত্যু হয় যুৱকৰ

নিউজ ডেস্ক,১২জুন : যোৰহাটত অঘটন । বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু যুৱকৰ ।
যোৰহাটৰ নিমাতী বৰআলি ফাকুৱা দ’লৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাট । উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট মৃত্যু হয় যুৱকৰ। নিহত যুৱকজন নৱজ্যোতি বৰা বুলি জানিব পৰা গৈছে(Man dies of electric shock) ।
জানিব পৰা মতে, ১১ হাজাৰ কিলোভ’ল্টৰ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ তলতে অতি বিপজ্জনকভাৱে যোৰহাটৰ বন বিভাগৰ এটা দুমহলীয়া কাৰ্যালয়ৰ নিৰ্মাণকাৰ্য চলি আছিল। এই কাৰ্যালয় ভৱনটোৰ নিৰ্মাণৰ কামত ৰাজমিস্ত্ৰী হিচাবে কৰ্মৰত বালিগাঁও নপমুৱা গাঁৱৰ নৱজ্যোতি বৰা নামৰ যুৱকজনৰ মঙলবাৰে ভৱনটোত কাম কৰি থকা অৱস্থাতে এই উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়। ১১ কেভি উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ তলতে অতি বিপজ্জনকভাৱে বন বিভাগৰ এই দুমহলীয়া কাৰ্যালয় ভৱনটো নিৰ্মাণ কৰিবলৈ লোৱাৰ সময়তে বহু লোকে এই বিপদৰ কথা উনুকিয়াই ভৱনটো কিছু নিলগত নিৰ্মাণ কৰিবলৈ কৈছিল যদিও ঠিকাদাৰ তথা বিভাগীয় বিষয়াসকলে বিষয়টোত কোনো গুৰুত্ব প্ৰদান নকৰিলে(Man dies of electric shock in Jorhat)।
ফলত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ তলতে নিৰ্মাণ কৰা এই দুমহলীয়া ভৱনটোৰ নিৰ্মাণৰ সময়তে সংঘটিত হ’ল কৰুণ দুৰ্ঘটনাটো।
লগতে পঢ়ক : Ganja Seized in Kachua : কচুৱাত জব্দ বুজন পৰিমাণৰ গাঞ্জাসহ সৰবৰাহকাৰী