Local, Vocal, Global

Man assaulted over charity dispute: চান্দা কমকৈ দিয়া বাবেই মাৰধৰ যুৱকক

৮ ফেব্ৰুৱাৰী ২০২৫,ৱেবডেস্ক: চান্দা কমকৈ দিয়া বাবেই মাৰধৰ যুৱকক । টকা নিদিয়াৰ বাবেই লপা-থপা এজন লোকক।মুখ্যমন্ত্ৰীৰ কঠোৰ নির্দেশনাকো বুঢ়া আঙুলি এদল যুৱকৰ।চান্দাক লৈ নলবাৰীত চাঞ্চল্য়।গুৱাহাটীৰ ব্যৱসায়ী প্ৰশান্ত ঘোষৰ সৈতে সংঘটিত হৈছে এই ঘটনা।সন্ধিয়া ঘোষৰ ঘৰলৈ মাঘী সভাৰ চান্দা বিচাৰি আহিছিল যুৱকৰ এটা দল।সুৰাসক্ত যুৱকৰ দলটোৱে অতি বেয়াকৈ প্ৰহাৰ কৰে লোকজনক।আনকি লোকজনৰ গাড়ীচালককো প্ৰহাৰ যুৱকৰ দলটোৰ।দাবী কৰা চান্দা নিদিয়াৰ বাবে অতি বেয়াকৈ মাৰধৰ ব্যৱসায়ী প্রশান্ত ঘোষক।নলবাৰীৰ খাটিকুছিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।নতুনকৈ নলবাৰীৰ খাটিকুছিত ভূমি ক্রয় কৰিছিল ব্যৱসায়ী প্রশান্ত ঘোষে। ঘটনা সন্দৰ্ভত ঘগ্ৰাপাৰ থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ