Ajit Bhuyan in Nazira: নাজিৰাৰ গেলেকীত ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞা

৮ ফেব্ৰুৱাৰী ২০২৫,গেলেকী: মহিলা মানসিক ৰোগী পুনৰ সংস্থাপন কেন্দ্ৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন।আজি নাজিৰাত ৰাজ্য সভাৰ সাংসদ তথা বিশিষ্ট চিন্তাবিদ-প্ৰৱীণ সাংবাদিক অজিত কুমাৰ ভূঞাই উপস্থিত হৈ নাজিৰা হাতিপট্টিস্থিত মহিলা মানসিক ৰোগী পুনৰ সংস্থাপন কেন্দ্ৰৰ এটি পুনৰ সংস্থাপন গৃহ আধাৰশিলা স্থাপন কৰে ।সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ উন্নয়ন পুঁজিৰ পৰা আগবঢ়োৱা ১০ লাখ টকাৰ আৰ্থিক সাহাৰ্যৰে নিৰ্মাণ কৰিব লোৱা গৃহটিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত সভাপতিত্ব কৰে জ্যেষ্ঠ অধিবক্তা তথা হিউমেন ৱেলফেয়াৰ চছাইটিৰ সভাপতি মহেন্দ্ৰ ভূঞাই ।কেন্দ্ৰটিৰ পৰিচানল সঞ্চালক নাচেৰ খানে উদ্দেশ্য ব্যাখ্যা কৰা আৰু অধ্যাপক জিতেন ফুকনে আতঁধৰা গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত আধাৰশিলা স্থাপন কৰি সাংসদ অজিত কুমাৰ ভূঞাই বক্তব্য প্ৰদান কৰে ।