Local, Vocal, Global

Man arrested for murdering his in nagarbera: নগৰবেৰাত পত্নী হত্যাৰ অভিযোগত নুৰ আলমক গ্ৰেপ্তাৰ


নগৰবেৰা: নগৰবেৰা আৰক্ষীয়ে পত্নী হত্যাৰ অভিযোগত নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰূপহাৰা গাঁওৰ নুৰ আলমক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

পত্নী জামিলা খাতুনক হত্যাৰ অভিযোগ উত্থাপন কৰি পৰিয়ালৰ লোকে নগৰবেৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতে অতি তৎপৰতাৰে অভিযুক্ত স্বামী নুৰ আলমক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

পত্নী হত্যাকাৰী নুৰ আলমক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে মৃত জামিলা খাতুনৰ পিতৃ পৰিয়ালৰ লোকে।উল্লেখ্য যে, ১০ ফেব্ৰুৱাৰীত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছিল জামিলা খাতুনৰ।