Local, Vocal, Global

মমতা বেনাৰ্জীৰ মন্ত্ৰী সভাৰ সালসলনি কৰাৰ সম্ভাৱনা

মমতা বেনাৰ্জীৰ মন্ত্ৰী সভাৰ সালসলনি কৰাৰ সম্ভাৱনা

পশ্চিমবংগত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পুনৰ নতুনকৈ গঠন কৰিব পাৰে তেঁওৰ মন্ত্ৰীসভা। এই কেবিনেটত কেইবাখনো নতুন মুখ অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা । বিগত ১১ বছৰত বেনাৰ্জীয়ে বিত্ত আৰু পঞ্চায়ত আৰু গ্ৰামোন্ময়ণৰ দুয়োটা বিভাগত কোনো পৰিবৰ্তন কৰা নাছিল।

মুখ্যমন্ত্ৰী মমতা দিদিৰ হাতত আছে বিত্ত আৰু পঞ্চায়তৰ দৰে দুটা গুৰুত্বপূৰ্ণ বিভাগ।সেয়েহে বংগ কন্যাই এই গুৰুত্বপূৰ্ণ বিভাগত দুজন বিধায়কক মন্ত্ৰীৰূপে অন্তৰ্ভুক্ত কৰিব বিছাৰিছে।

যদি সকলো ঠিকে থাকে তেন্তে আগন্তুক এটা সপ্তাহৰ ভিতৰত মমতাই তেঁওৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনা আছে।