Malaria outbreak in Kokrajhar: চিৰাঙত ক্ৰমাৎ বৃদ্ধি মেলেৰীয়া ৰোগীৰ সংখ্যা
নিউজ ডেস্ক,৩০নৱেম্বৰ : চিৰাঙত ক্ৰমাৎ বৃদ্ধি মেলেৰীয়া ৰোগীৰ সংখ্যা। শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, জিলাখনত ৪০৬ জনলৈ বৃদ্ধি পাইছে মেলেৰীয়া ৰোগীৰ সংখ্যা । নিতৌ ৬ ৰ পৰা ১০ জনৰ শৰীৰত ধৰা পৰিছে মেলেৰীয়া ৰোগৰ উপস্থিতি । জিলাখনৰ দুটা স্বাস্থ্যখণ্ড ক্ৰমে চিদলী আৰু বল্লামগুৰিত এই ৰোগৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে(Malaria outbreak in Kokrajhar)।
বৃহস্পতিবাৰে চিৰাং জিলা মেলেৰীয়া পৰামৰ্শদাতা (Consultant) ডাঃ গায়েত্ৰী শৰ্মা বৰুৱাই উল্লেখ কৰা অনুসৰি জিলাখনত কালিৰ দিনটোলৈকে ৪০৬ জন মেলেৰীয়া ৰোগী চিনাক্ত কৰা হৈছে । ইয়াৰে চিদলী স্বাস্থ্যখণ্ডত ২৮৭ জনৰ শৰীৰত মেলেৰীয়া ধৰা পৰিছে ৷ বিশেষকৈ কোকৰাঝাৰ আৰু ভূটান সীমান্ত অঞ্চলত মেলেৰীয়া ৰোগীৰ সংখ্যা অধিক পোৱা গৈছে ।
ইয়াৰোপৰি বল্লামগুৰি স্বাস্থ্যখণ্ডৰ অধীনত ১১৯ গৰাকী মেলেৰীয়া ৰোগী চিনাক্ত হৈছে । বিভাগীয়ভাৱে মেলেৰীয়া ৰোধৰ বাবে সজাগতা সভাকে আদি কৰি ঔষধ আৰু আঠুৱা বিতৰণ কৰা হৈছে ৷ এই কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰে ডাঃ বৰুৱাই । তেওঁ লগতে উল্লেখ কৰা মতে, বিশেষকৈ অতিকে দৰিদ্ৰ শ্ৰেণীৰ লোক এই ৰোগত অধিক আক্ৰান্ত হৈছে।