Local, Vocal, Global

Asom Divas 2024: আজিও অৱহেলিত অসমীয়া জাতিৰ জনক স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ মৈদাম

সোণাৰি,৩০নৱেম্বৰ : ২ ডিচেম্বৰত অসম দিৱস।অসমত চৰকাৰী ভাৱে আৰু বিভিন্ন স্থানত দল সংগঠনে অসম দিৱস বা চ্যুকাফা দিৱস পালন কৰিব । ইয়াৰ বিপৰীতে অতি পৰিতাপৰ বিষয় যে সেই জাতিৰ জনকৰ
এটা দিনত ঠিকেই স্মৰণ কৰে যদিও বছৰৰ বাকী সময় অৱহেলিত হৈ ৰয় । ইয়াৰ প্ৰমাণ চৰাইদেউৰ হাবি গাঁৱত অৱস্থিত চুকাফাৰ মৈদাম । বছৰ বছৰ ধৰি এইদৰেই পৰি ৰয়।

চৰকাৰে বিভিন্ন আঁচনিৰ বিষয়ে কয় যদিও একেদৰেই পৰি ৰৈছে চ্যুকাফা মৈদাম । বিভিন্ন দল সংগঠনে মৈদাম টো সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে দাবী জনাই আহিছে । তথাপিও কাণসাৰ নাই চৰকাৰ তথা পুৰাতত্ব বিভাগৰ।

১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস’’ হিচাপে পালন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটো অসম দিৱস তথা চ্যুকাফা হিচাবে পালন কৰে(Asom Divas 2024)।

২ ডিচেম্বৰত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত চৰাইদেউ জিলাৰ প্ৰশাসন, স্বৰ্গদেউ সকলৰ স্মৃতি তৰ্পন সমিঊ, বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ মৈদাম উন্নয়ন আৰু সংৰক্ষণ সমিতি, আটাছু চ্যুকাফা আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজৰ উদ্যোগত চৰাইদেউ মৈদামক্ষেত্ৰত এইবাৰ কেন্দ্ৰীয় ভাৱে উদযাপন হব অসম দিৱস তথা চ্যুকাফা দিৱস।

লগতে পঢ়ক :Malaria outbreak in Kokrajhar: চিৰাঙত ক্ৰমাৎ বৃদ্ধি মেলেৰীয়া ৰোগীৰ সংখ্যা