Local, Vocal, Global

গভীৰ সংকটত মাজুলীৰ পৰ্যটন খণ্ড

সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ প্ৰদূষণমুক্ত নিৰ্মল বতাহ,প্ৰাকৃতিক পৰিৱেশ,ঐতিহ্যপূৰ্ণ মুখা শিল্প,শালমৰাৰ মৃৎশিল্প আৰু বৰ্ণাঢ্য জাতি- জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈ প্ৰতিবছৰে দেশী-বিদেশী পৰ্যটকে মাজুলীত ভিৰ কৰেহি।

গৱেষণাৰ সমল বিচাৰি অথবা অৱসৰ বিনোদনৰ বাবে অহা পৰ্যটক সকলৰ লগতে মাজুলীৰ পৰ্যটন ক্ষেত্ৰত জড়িত হৈ থকা প্ৰায় দুই শতাধিক নিৱনুৱা যুৱক-যুৱতীৰ বাবে এটা বেয়া খবৰ আহিছে।সমগ্ৰ বিশ্বৰ মানৱ জাতিক বিধ্বস্ত কৰি ৰখা ক’ৰনা মহামাৰীয়ে মাজুলীৰো সৰ্বস্তৰৰ মানুহৰ মাজত সামাজিক,সাংস্কৃতিক, অৰ্থনৈতিক দিশত যথেষ্ট কু-প্ৰভাৱ পেলাইছে।এনে এক বিপদাপন্ন সময়ত অনাগত দিনত মাজুলীৰ পৰ্যটন ক্ষেত্ৰলৈ গভীৰ সংকট নামি অহাৰ এখন প্ৰকৃত ছবি পোহৰলৈ আহিছে।

বছৰৰ ছেপ্টেম্বৰ মাহৰ পৰা এপ্ৰিল মাহলৈকে পৰ্যটকসকলে মাজুলীলৈ আহিবলৈ প্ৰায় দুই তিনিমাহৰ আগতে বিভিন্ন ৰিজৰ্ট,হোটেল আদি বুকিং কৰে। কিন্তু মাজুলীৰ পৰ্যটন ক্ষেত্ৰৰ সৈতে জড়িত কেইগৰাকীমান পৰ্যটন উদ্যোগীয়ে প্ৰকাশ কৰা অনুসৰি অনাগত দিনত মাজুলীৰ পৰ্যটন ক্ষেত্ৰলৈ গভীৰ সংকট নামি আহিব। পৰ্যটকৰ অবিহনে এবছৰত প্ৰায় তিনিকোটি টকাৰ উপাৰ্জন হেৰুৱাব লাগিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।কাজিৰঙা,মানাহ আদি পৰ্যটন ক্ষেত্ৰলৈ এইবছৰ কিছু দেশীয় পৰ্যটক অহাৰ স্থল আছে যদিও মাজুলীত ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবিহে দেখা পোৱা গৈছে।