Local, Vocal, Global

Majuli Music Festival: মাজুলীত গীত পৰিৱেশনৰ মাজতে মঞ্চত ডাঙৰীয়াৰ প্ৰসংগ জুবিনৰ

নিউজ ডেস্ক,২৫নৱেম্বৰ : মাজুলীত পুনৰ বিতৰ্কিত মন্তব্য জুবিনৰ। গীত পৰিৱেশনৰ মাজতে মঞ্চত ডাঙৰীয়াৰ প্ৰসংগ জুবিনৰ(Majuli Music Festival)।

গীত পৰিৱেশনৰ মাজতে হঠাৎ জুবিনে ক’লে, ‘আজি মোৰ অনুষ্ঠান চাবলৈ ডাঙৰীয়াসকল অহা নাই নেকি? লগে লগে দৰ্শকৰ শাৰীৰ পৰা ভাঁহি আহিল চিঞৰ। আকৌ জুবিন ক’লে ‘ডাঙৰীয়াসকল আহিব বুলি মই ভয়ে খাই আছিলো।’

এতিয়া জুবিনে ডাঙৰীয়া বুলি কাক সম্বোধন কৰিলে তাক লৈ প্ৰতিক্ৰিয়া। একাংশৰ মতে জুবিনে পুনৰ সত্ৰাধিকাৰসকলক উদ্দ্যেশি ডাঙৰীয়া বুলি কটাক্ষ কৰিলে।

লগতে পঢ়ক :Actress Amrita Gogoi: হোটেলৰ কোঠাত কি হৈছিল অভিনেত্ৰী অমৃতা গগৈৰ লগত