Jamugurihat News:ৰঙাপৰাৰ ঘইৰালি চাহ বাগিচাত বিশাল কলহ যাত্ৰাৰ আয়োজন
জামুগুৰিহাট,২৫নৱেম্বৰ : শ্ৰীমদ্ভাগৱত জ্ঞানযজ্ঞৰ লগত সংগতি ৰাখি ৰঙাপৰাৰ ঘইৰালি চাহ বাগিচাত বিশাল কলহ যাত্ৰাৰ আয়োজন ৷
সনতনী পৰম্পৰা আৰু সংস্কৃতিক ৰক্ষাৰ্থে জাগৰনৰ উদ্দেশ্য ৰঙাপৰাৰ ঘইৰালি চাহ বাগিচাত অন্তৰাষ্ট্ৰীয় খ্যাতি প্ৰাপ্ত শিল্পী বাবা সত্য নাৰায়ন মৌৰ্য্যৰ ৰাষ্ট্ৰভক্তি উৎসৱ আয়োজন কৰা হৈছে(Jamugurihat News)৷
শ্ৰী হৰি সৎসঙ্গ সমিতি পূৰ্বোত্তৰৰ উদ্যোগত ঘইৰালি চাহ বাগিচাৰ সমূহ সনাতনী ৰাইজৰ সহযোগত তিনি দিনীয়াকৈ আয়োজন কৰা হৈছে শ্ৰীমদ্ভাগৱত জ্ঞানযজ্ঞৰ ৷ উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ঘইৰালি চাহ বাগিচাত এক বিশাল কলহ যাত্ৰা উলিওৱা হয়
৷ উক্ত কলহ যাত্ৰা বাগিচা খনৰ লগতে অঞ্চলটোৰ কেইবাখনো বাগিচাৰ মহিলা যুৱতীয়ে মূৰত কলহ লৈ ঘইৰালি চাহ বাগিচাৰ কালি মন্দিৰ প্ৰঙ্গনৰ পৰা বৰজুলি চাহ বাগিচা পৰিভ্ৰমন কৰে ৷ অঞ্চলটোৰ ৰাইজৰ সুখ শান্তি আৰু অপায় অমংগল দূৰ হোৱাৰ উদ্দেশ্যে আৰু বিশ্বশান্তি কামনাৰে আয়োজন কৰা হৈছে উক্ত শ্ৰীমদ্ভাগৱত জ্ঞানযজ্ঞ ৷ আনহাতে বিভিন্ন কাৰণত বিয়া নোহোৱা প্ৰায় ১০০ যোৰা দৰা কইণাক ২৭ নৱেম্বৰ দিনা ৰীতি নীতি অনুসৰি সামূহিক বিয়াৰ আয়োজন কৰা হৈছে ৷
লগতে পঢ়ক :Majuli Music Festival: মাজুলীত গীত পৰিৱেশনৰ মাজতে মঞ্চত ডাঙৰীয়াৰ প্ৰসংগ জুবিনৰ