“অসমৰ বানপানী আৰু গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি লাভ কৰিব”- মুখ্যমন্ত্ৰী

মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি লাভ কৰিব
অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা এতিয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি লাভ কৰিব। পঞ্চদশ বিত্তীয় আয়োগে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। দুদিনীয়া ভ্ৰমণ সূচীৰে গৃহ সমষ্টি মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বুধবাৰে মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
ধেমাজিৰ পৰাই মাজুলীত আহি পোৱাৰ পাছতে গড়মুড়ত নৱনিৰ্মিত জলসম্পদ বিভাগৰ অতিথিশালা আৰু মাজুলী সংমণ্ডলৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অসম চৰকাৰে বানপানী আৰু গৰাখহনীয়া সুৰক্ষা কৰিব নোৱাৰে। এতিয়াৰ পৰা কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানী আৰু গৰাখহনীয়া স্থায়ী ভাবে সুৰক্ষিত কৰিব।
ইফালে, মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ব্ৰহ্মপুত্ৰৰ বুকু গভীৰ নোহোৱাৰ বাবেই ৰ’ৰ’ জাহাজ মাজুলীত চলিব নোৱাৰে। কিন্তু ব্ৰহ্মপুত্ৰ বুকুত ৰ’ৰ’ জাহাজ চলিবই নোৱাৰে, তেনেহলে মাজুলীবাসীক কিয় ৰ’ৰ’ জাহাজ দিয়া হৈছিল। সেয়া মাজুলী বাসীৰ বাবে সাঁথৰ হৈ পৰিছে।
গড়মূৰ আৰু কমলাবাৰী থানাৰ নৱ নিৰ্মিত ভৱন শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অনুষ্ঠানত সাংসদ শ্ৰী প্ৰদান বৰুৱা, বিধায়ক শ্ৰী ৰণোজ পেগু আৰু শ্ৰী বিমল বৰা উপস্থিত থাকে।