Maharashtra farmer becomes millionaire: বিলাহী বিক্ৰী কৰি এমাহতে কোটিপতি হ’ল এজন কৃষক
নেশ্যনেল ডেস্ক, ১৫ জুলাই: সমগ্ৰ দেশজুৰি বিলাহীৰ দাম আকাশলংঘী হোৱাৰ সময়তে মহাৰাষ্ট্ৰৰ পুনে জিলাৰ এগৰাকী খেতিয়কে বিলাহী খেতি কৰি লাভ কৰিলে জেকপট (Farmer hit the jackpot) । এটা মাহৰ ভিতৰতে ১৩ হাজাৰ পাচি ভৰ্তি বিলাহী বিক্ৰী কৰি টুকাৰাম ভগোজী গাইকড়ৰ পৰিয়ালটোৱে উপাৰ্জন কৰিলে ১.৫ কোটিৰো অধিক টকা (Farmer Tukaram Bhagoji Gayakar) ।
১৮ একৰ কৃষিভূমিৰ লগতে ১২ একৰ মাটিৰ গৰাকী টুকাৰামে তেওঁৰ পুত্ৰ ঈশ্বৰ গাইকড় আৰু পো-বোৱাৰী সোণালীৰ সহায়ত কৰিছিল বিলাহীৰ খেতি (Tukaram cultivates tomatoes) । টুকাৰামে উল্লেখ কৰা অনুসৰি তেওঁলোকে উন্নত মানৰ বীজ ৰোপন কৰি আৰম্ভ কৰিছিল বিলাহীৰ খেতি (Good quality tomatoes) । লগতে সাৰ আৰু কীটনাশকৰ বিষয়ে সম্যক জ্ঞান থকা পৰিয়ালটোৱে তেওঁলোকৰ বিলাহীখিনি যাতে কীট-পতংগৰ পৰা সুৰক্ষিত থাকে সেয়া নিশ্চিত কৰি আগবাঢ়িছিল ।
যোৱা শুকুৰবাৰে অৰ্থাৎ ১৪ জুলাইত কৃষকজনে মাণ্ডলাৰ নাৰায়ণগঞ্জত বিলাহী বিক্ৰী কৰি এপাচি বিলাহীৰ বিপৰীতে উপাৰ্জন কৰিলে ২১০০ টকা । সেইদিনা গাইকড়ে মুঠ ৯০০ পাচি বিলাহী বিক্ৰী কৰিছিল য’ত তেওঁ উপাৰ্জন কৰিলে ১৮ লাখ টকা ।
যোৱাটো মাহত গুণগত মানৰ ওপৰত ভিত্তি কৰি কৃষকজনে প্ৰতি পাচি বিলাহী ১০০০ টকাৰ পৰা ২৪০০ টকালৈকে বিক্ৰী কৰিবলৈ সক্ষম হৈছিল । এইগৰাকী কৃষক এক উদাহৰণহে । মহাৰাষ্ট্ৰৰ পুনে জিলাৰ অন্তৰ্গত জুন্নাৰ নামৰ চহৰখনৰ সমীপৰ বহু কৃষকে এনেদৰে বিলাহীৰ খেতি কৰি বৰ্তমান কোটিপতি হোৱা বুলি জানিব পৰা গৈছে (Farmer become millionaires) ।
জানিব পৰা মতে, টুকাৰমে বৃহৎ পৰিসৰত কৰা বিলাহী বজাৰত বিক্ৰী কৰি এমাহত ৮০ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে (Maharashtra farmer becomes millionaire) । তেওঁলোকৰ এই খেতিত ১০০ৰো অধিক মহিলাই কৰ্মসংস্থাপন লাভ কৰাৰ লগতে সন্তোষজনক উপাৰ্জনৰে নিজৰ পৰিয়ালক পোহপাল দিবলৈ সক্ষম হৈছে ।
কৃষক টুকাৰামৰ বোৱাৰীয়েক সোণালীয়ে গুটি সিঁচা, পাচলি চপোৱা, পেকেজিং আদি কামবোৰ চোৱাচিতা কৰাৰ বিপৰীতে তেওঁৰ পুত্ৰ ঈশ্বৰে বিক্ৰী, পৰিচালনা আৰু বিত্তীয় কামকাজবোৰ চম্ভালে । যোৱা তিনিমাহৰ কঠোৰ পৰিশ্ৰমৰ বাবেই এটা ভাল ফল লাভ কৰাৰ লগতে তেওঁলোকে এখন অনুকূল বজাৰ পাবলৈ সক্ষম হৈছে (Favorable market condition) ।
নাৰায়ণগঞ্জত অৱস্থিত ঝুন্নু কৃষি উৎপাদিত সামগ্ৰী বজাৰ সমিতি(Jhunnu Agricultural Produce Market Committee)ৰ বজাৰত উন্নত মানৰ এপাচি (২০ কিলোগ্ৰাম) বিলাহীৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কৰা হৈছিল ২৫০০ টকা, য’ত প্ৰতি কিলোগ্ৰাম বিলাহীৰ মূল্য ১২৫ টকা ।
এতিয়া এইদৰে বিলাহী বিক্ৰী কৰি কৃষক কোটিপতি হোৱাৰ ঘটনা কেৱলমাত্ৰ মহাৰাষ্ট্ৰতে সীমাবদ্ধ হৈ থকা নাই । কৰ্ণাটকৰ কোলাৰ নামৰ এটা অঞ্চলৰ এটি কৃষক পৰিয়ালে চলিত সপ্তাহত ২০০০ বাকচ বিলাহী বিক্ৰী কৰি উপাৰ্জন কৰিলে ৩৮ লাখ টকা ।
লগতে পঢ়ক :Tomato Price Hike: চুৰি হোৱাৰ ভয়ত বিলাহীক সুৰক্ষা দিবলৈ পাচলি বেপাৰীয়ে নিয়োগ কৰিছে বাউন্সাৰ