Local, Vocal, Global

Maharashtra Bus Accident : ৰাজপথত জ্বলি ভস্মিভূত যাত্ৰীবাহী বাছ, ২৫ জনৰ মৃত্যু , ২ লাখ টকা সাহাৰ্য্য প্ৰদান

নেশ্যনেল ডেস্ক, ১ জুলাই : মহাৰাষ্ট্ৰৰ বুলধনাত শুকুৰবাৰে মাজনিশা এখন যাত্ৰীবাহী বাছৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় (Maharastra Bus Accident) । দুৰ্ঘটনাত প্ৰায় ২৫ জনকৈ যাত্ৰী মৃত্যু হোৱাৰ বিপৰিতে ৮ জনকৈ লোক আহত হয়(Maharashtra Bus Accident) ৷

বুলধানা জিলাৰ সিন্ধখেদাৰাজাৰ ওচৰৰ পিম্পালখুটা গাঁৱৰ ওচৰৰ সমৃদ্ধি ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল । যাত্ৰীবাহী বাছখন নাগপুৰৰ পৰা পুনেলৈ গৈ আছিল(Maharashtra Bus Accident) । বাছখনত মুঠ ৩৩ জন যাত্ৰী আছিল আৰু ইয়াৰে আঠজন যাত্ৰীয়ে কোনোমতে নিজৰ প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে, শুকুৰবাৰৰ মাজনিশা ১২ বজাৰ পৰা ১ বজাৰ ভিতৰত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় । এই দুৰ্ঘটনাত এখন ব্যক্তিগত বাছত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । অগ্নিদগ্ধ বাছখন বিদৰ্ভ ট্ৰেভেলছৰ আছিল আৰু বাছখনে নাগপুৰ, ৱাৰ্ধা আৰু যাৱতমালৰ পৰা যাত্ৰী কঢ়িয়াই আনিছিল ।

জানিব পৰা মতে নাগপুৰৰ পৰা পুনেলৈ গৈ থকা সময়তে বাছখনে এখন দলঙত খুন্দা মৰাৰ পিছত বাগৰি পৰে আৰু ডিজেল টেংকটো ফাটি যায় ফলত গাড়ীখনত জুইৰ সূত্ৰপাত হয় । লগে লগে বাছখনৰ যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু তেওঁলোকে প্ৰাণৰক্ষাৰ চেষ্টা কৰে ৷ কিন্তু জলন্ত বাছখনৰ পৰা মাত্ৰ আঠজন যাত্ৰীহে সুৰক্ষিতভাৱে ওলাই আহিবলৈ সক্ষম হয় । বাছখনৰ পৰা সুৰক্ষিতভাৱে ওলাই অহাসকলৰ মাজত চালক আৰু হেণ্ডিমেনো আছে ।

আনহাতে আহতসকলক ততাতৈয়াকৈ ওচৰৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় । তথ্য অনুসৰি, দুৰ্ঘটনাৰ পাছত বাছখনৰ দুৱাৰখন তললৈ বহি যোৱাত যাত্ৰীসকল বাহিৰলৈ ওলাই অহাত ব্যৰ্থ হয় ৷ এই দুৰ্ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ সকলোকে উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে ৷

প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা মতে, বাছখনে প্ৰথমে লোহাৰ খুঁটাত খুন্দা মাৰে আৰু তাৰ পিছত পথৰ তলৰ ডিভাইদাৰত খুন্দা মাৰি ওলোটাকৈ বাগৰি পৰে । এই ঘটনাত বাছখনৰ দুৱাৰখন তললৈ বহি গৈছিল । কেইজনমান যাত্ৰীয়ে বাছখনৰ খিৰিকী ভাঙি ওলাই আহিবলৈ সক্ষম হয় ৷

ইফালে দুৰ্ঘটনাৰ পিছত, বাছখনৰ পৰা বৃহৎ পৰিমাণৰ ডিজেল ৰাস্তাত বিয়পি পৰে । ডিজেল টেংক তথা ইঞ্জিনৰ পৰা ডিজেল টেংকলৈ যোৱা পাইপ ফাটি যোৱাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত বাছখনত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে ৷ আৰক্ষীয়ে বাছখনৰ পৰা ২৫ টা মৃতদেহ উদ্ধাৰ কৰিছে । কিন্তু বাছখনৰ পৰা উদ্ধাৰ কৰা মৃতদেহবোৰ চিনাক্ত কৰাটো কঠিন হৈ পৰিছে ।

এই ঘটনাত প্ৰশাসনৰ গাফিলতিও চৰ্চালৈ আহিছে বুলিও কোৱা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বিলাসী বাছখনত অগ্নিকাণ্ড সংঘটিত হয় । তথ্য অনুসৰি প্ৰায় ডেৰ ঘণ্টা ধৰি বাছখন জ্বলি থাকিল যদিও উদ্ধাৰৰ বাবে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দল সেই স্থানত উপস্থিত নহ’ল । যাৰ বাবে বাছখনত থকা লোকসকল অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।

আনহাতে সম্ৰুদ্ধি মহামাৰ্গ এক্সপ্ৰেছৱেৰ বুলধনাত সংঘটিত হোৱা বাছ দুৰ্ঘটনাত মৃত্যু হোৱা আত্মীয়ৰ বাবে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাৰ সাহাৰ্য্য় ঘোষণা কৰে আনহাতে দুৰ্ঘটনাত আহত হোৱা সকলকো ৫০ হাজাৰকৈ টকা দিয়াৰ কথাও ঘোষণা কৰিছে(PMNRF) । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উদ্ধৃতি দি টুইট কৰি এই কথা জনায় (PM Modi Announces Rs 2 Lakh Ex Gratia)।

লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দুৰ্ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰি কয় যে মহাৰাষ্ট্ৰৰ বুলধনা এই দুৰ্ঘটনা হৃদয় বিদাৰক বুলি অভিহিত কৰে । আৰু আহতসকলৰ আৰোগ্য কামনা কৰে ।

এই দুৰ্ঘনাত পতিত হোৱা লোক সকলক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেয়েও ৫ লাখ টকাৰ সাহাৰ্য্য ঘোষণা কৰে ।

লগতে পঢ়ক : Manipur Violence : পদত্যাগ নকৰাৰ সিদ্ধান্ত এন বীৰেণ সিঙৰ