আজি শাওণৰ অন্তিমটো সোমবাৰ

আজি শাওণৰ অন্তিমটো সোমবাৰ। কৰ’নাৰ মাজতো ৰাজ্যৰ শিৱ মন্দিৰ-দৌলসমুহত পৰিলক্ষিত হৈছে ভক্তৰ সমাগম। ব্যতিক্ৰম নহয় তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰো। পুৱাৰে পৰাই ঐতিহাসিক মহাভৈৰৱ মন্দিৰত পৰিলক্ষিত হৈছে ভক্তৰ সমাগম। মহাভৈৰৱ মন্দিৰত পূজা-অৰ্চনাৰ লগতে অনুষ্ঠিত হয় প্ৰাতঃ হোম যজ্ঞ। সম্প্ৰতি ক’ভিডৰ ভয়াৱহতাৰ বাবে ভক্তৰ সমাগম যথেষ্ট কম হোৱা পৰিলক্ষিত হৈছে।