MAHA KUMBH MELA 2025 : ত্রিবেণী সংগমত স্নান কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে
২ফেব্ৰুৱাৰী ২০২৫ বেৱডেস্ক: ১৪৪ বছৰ পিছত অনুষ্ঠিত মহাকুম্ভৰ আজি ২৪ সংখ্যক দিন । আজি দিনটোতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰয়াগৰাজত উপস্থিত হ’য় । প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষ বিমানেৰে বুধবাৰে অৰ্থাৎ আজি পুৱা ১০ বজাত প্ৰয়াগৰাজ বিমানবন্দৰত উপস্থিত হ’য় । ইয়াৰ পৰা প্ৰধানমন্ত্ৰীয়ে হেলিকপ্টাৰেৰে আৰেইলৰ দিল্লী পাব্লিক স্কুলৰ হেলিপেডত অৱতৰণ কৰি জলপথৰে সঙ্গমস্থলত উপস্থিতহ’য় । ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰীয়ে ত্ৰিবেণী সংগমত স্নান কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা ১১ বজাৰ পৰা পুৱা ১১:৩০ বজাৰ ভিতৰত স্নান কৰাৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰা হৈছিল । সংগমৰ মাজত সৃষ্টি কৰা ভি ভি আই পি ঘাটত প্ৰধানমন্ত্ৰীগৰাকীয়ে স্নান কৰে। দুপৰীয়া ১২:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে একেটা পথৰে নতুন দিল্লীলৈ উভতি আহে।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, বিজেপিৰ ৰাজ্যিক সভাপতি স্বতন্ত্ৰ দেৱ সিং, উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু নগৰ উন্নয়ন মন্ত্ৰী এ কে শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে উপস্থিত থাকে সংগমঘাটত ।