এঘণ্টাত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ! বিমানেৰে নহয়, এয়া সম্ভৱ ৰে’লেৰে
আপুনি যাত্ৰা কৰি ভাল পায় নেকি? দূৰণিবটীয়া ৰে’ল যাত্ৰা কৰি অস্বস্তিত ভোগে চাগে? কেতিয়াবা আপুনি খুব বিৰক্তও হয় চাগে? কিন্তু এতিয়া আৰু চিন্তা নাই৷ ৰে’ল যাত্ৰীৰ বাবে আহিছে এক সুখবৰ৷ ভাৰত চৰকাৰৰ এটি সিদ্ধান্তই সুখবৰ কঢ়িয়াই আনিছে ভাৰতীয় ৰে’ল যাত্ৰীৰ বাবে৷
ভাৰতীয় ৰে’লত সংযুক্ত হ’বলৈ গৈ আছে ছুপাৰ হাইস্পীড মেগলিভ ৰে’ল৷ ঘণ্টাত ৫০০ কিলোমিটাৰ গতিবেগত চলিব এই ৰে’ল৷ মোদী চৰকাৰে ৰে’ল যাত্ৰীৰ বাবে লৈছে এই সিদ্ধান্ত৷ ভাৰতীয় কোম্পানী বি এইচ ই এল এ চুক্তিৱদ্ধ হৈছে ছুইছ ৰেপিডি এজিৰ সৈতে৷ দুয়োটা কোম্পানীয়ে যুটীয়া প্ৰচেষ্টাত চলোৱা হ’ব এই বিশেষ ৰে’লখন৷
আশা কৰা হৈছে মেগলিভ ৰে’লৰ সংযোজনে ভাৰতীয় ৰে’ল ব্যৱস্থালৈ আমূল পৰিৱৰ্তন আনিব৷ মেগলিভ ৰে’লৰ সহায়ত ঘণ্টাৰ যাত্ৰা মিনিটতে সম্ভৱ হ’ব৷
কিন্তু কেনেদৰে কৰা হ’ব মেগলিভ ৰে’লৰ চলাচল?
মেগনেটিক লিমিটেচন কৌশলৰ এক বিশেষ প্ৰচেষ্টাৰে মেগলিভ ৰে’লৰ চলাচলৰ ব্যৱস্থা কৰা হ’ব৷ উল্লেখ্য যে পোনপ্ৰথমবাৰৰ বাবে চীনৰ চাংহাইত আৰম্ভ হৈছিল এই ৰে’ল সেৱা৷ পৰৱর্তী সময়ত জাৰ্মানী, চীন, জাপান, দক্ষিণ কোৰিয়াত উপলব্ধ হৈছিল এই ৰে’ল সেৱা৷ মেগলিভ ৰে’লৰ চলাচল কৰা ভাৰত হ’ব বিশ্বৰ ষষ্ঠখন দেশ৷