Local, Vocal, Global

Madhya Pradesh Assembly Elections 2023 : মধ্যপ্ৰদেশত বিজেপিৰ চাৰিগৰাকী প্ৰাৰ্থীৰ বিজয়

নিউজ ডেস্ক, ৩ ডিচেম্বৰ : অব্যাহত আছে চাৰি ৰাজ্যৰ ভোটগণনা । মোদী মেজিক ৰাজস্থান, ছত্তিশগড়, মধ্যপ্ৰদেশত। ধূলিসাৎ হ’ল কংগ্ৰেছ।

অন্তিম পৰ্যায়ত ভোট গণনা। মধ্যপ্ৰদেশত বিজেপিৰ চাৰিগৰকী প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে। ৰাজ্যখনৰ ৭১ নং মাউগাঞ্জ ধানসভা সমষ্টি, ১৬৯ নং কালাপিপাল বিধানসভা সমষ্টি, ১৭৯ নং নেপানগৰ সমষ্টি আৰু ২২০ নং ৰাতলাম চিটি বিধানসভা সমষ্টি কেইটাৰ বিজেপি প্ৰাৰ্থী কেইগৰাকী বিজয়ী হৈছে(Madhya Pradesh Assembly Elections 2023)।

এই সমষ্টি কেইটাত বিজয়ী হোৱা প্ৰাৰ্থী কেইগৰাকী ক্ৰমে প্ৰদীপ পাটিল, ঘনশ্যাম চন্দ্ৰবংশী, মঞ্জু ৰাজেন্দ্ৰ দাদু আৰু চেতন্য কাশ্যপ। আনহাতে ভাৰত আদিবাসী পাৰ্টিৰ কমলেশ্বৰ দদিয়াই ২২১ নং ছাইলানা বিধানসভা সমষ্টিত পৰাস্ত হৈছে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত বিজেপি ১৬২ টা সমষ্টিত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ ৬২ খন আসনত আগবাঢ়ি আছে।

লগতে পঢ়ক : Congress decimated in Hindi Heartland : হিন্দীবলয়ত কংগ্ৰেছে দৃঢ়ভাৱে হেৰুৱাইছে নিজৰ খোপনি !