Local, Vocal, Global

৯১ লাখ টকাত বিক্ৰী লাভলীনাৰ বক্সিঙ গ্ল’ভছ

টকিঅ’ অলিম্পিকত বক্সিঙত ব্ৰঞ্জৰ পদক আঁজুৰি অনা অসম কন্যা লাভলীনা বৰগোঁহাইয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীক উপহাৰ দিয়া গ্ল’ভছ অৱশেষত বিক্রী হ’ল ৯১ লক্ষ টকাত। কেন্দ্ৰীয় চৰকাৰৰে আৰম্ভ কৰা নিলামত ক্ৰীড়া সামগ্ৰী বিধ বিক্ৰী হ’ল ৯১ লক্ষ টকাত। লাভলীনাৰ গ্ল’ভছৰ Base Price আছিল ৮০ লাখ টকা। নিলামত সৰ্বাধিক মূল্য আহৰণ কৰিলে নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয়ী জেভলীনডালে। বিক্ৰী হ’ল ১.৫কোটি টকাত।

উল্লেখযোগ্য যে, যোৱা ১৭ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ জন্মদিনৰ দিনাৰ পৰা কেন্দ্ৰীয় চৰকাৰে প্রধানমন্ত্ৰীয়ে বিভিন্ন সময়ত লাভ কৰা উপহাৰ সমূহ নিলামৰ কাৰণে এৰিছিল। নিলামৰ কাৰণে চয়ন কৰা ১৩৪৮টা সামগ্ৰীৰ ভিতৰত আছিল টকিঅ’ অলিম্পিক আৰু পেৰা অলিম্পিকত পদক লাভ কৰা সকলৰ ক্ৰীড়া সামগ্ৰী সমূহ। এই নিলাম অন্ত পৰে যোৱা ৭ অক্টোবৰত ।

ইণ্টাৰনেটৰ মাধ্যমৰে চলোৱা এই নিলামত সংগ্ৰহ হোৱা ধনৰাশি নমামী গংগা প্রকল্পত ব্যৱহাৰ হ’ব ।