WATCH | Liquor Shops To Remain Open till 11 PM : ৰাজহ সংকট মোচনৰ প্ৰচেষ্টা নেকি চৰকাৰৰ ?

নিউজ ডেস্ক,৯এপ্ৰিল : ৰাজহ সংকট মোচনৰ প্ৰচেষ্টা নেকি চৰকাৰৰ ? ১২-৩০ বজালৈ বন্ধ নহয় বাৰ-ৰেস্তোৰাঁ । হ্ৰাস পাব প্ৰিমিয়াম ব্ৰেণ্ডৰ সুৰাৰ দাম । থলুৱা সুৰাৰ বিপনীতো পোৱা যাব বিলাতী সুৰা ।
এতিয়াৰ পৰা আৰু সুৰাপায়ীসকলে নিশা সোনকালে সুৰাৰ দোকান বন্ধ হোৱাৰ পিছতো হাহাকাৰ কৰিব নালাগে । কাৰণ এতিয়া নিশা ১০ বজাৰ পৰিৱৰ্তে নিশা ১১ বজালৈকে খোলা থাকিব সুৰাৰ দোকান।
আনহাতে, নিশা ১২.৩০ বজালৈকে খোলা থাকিব বাৰ-ৰেস্তোৰাঁ ৷ এই বিষয়ত আবকাৰী বিভাগে জাৰি কৰিছে অধিসূচনা(Liquor Shops To Remain Open till 11 PM)।
অধিসূচনাত –
নিশা ১১ বজালৈ গুৱাহাটী মহানগৰীত খোলা থাকিব সুৰাৰ বিপণি
পূৰ্বে নিশা ১০ বজালৈ খোলা আছিল সুৰাৰ দোকান
নিশা ১২-৩০; বজালৈ খোলা থাকিব বাৰ-ৰেষ্টুৰেণ্ট
প্ৰিমিয়াম ব্ৰেণ্ডৰ সুৰাৰ দাম হ্ৰাস পাব
থলুৱা সুৰাৰ বিপণিতো পোৱা যাব বিলাতী সুৰা
৭ এপ্ৰিল, সোমবাৰে অসম চৰকাৰৰ আবকাৰী বিভাগৰ আয়ুক্ত-সচিব ৰাকেশ কুমাৰে এই অধিসূচনা জাৰি কৰে । অৱশ্যে এই অধিসূচনাত গুৱাহাটী পৌৰ নিগম এলেকাৰ ভিতৰৰ সুৰাৰ বিপণিসমূহ নিশা ১১ বজালৈ আৰু বাৰ-ৰেস্তোৰাঁসমূহ ১২-৩০ বজালৈ খোলা ৰখাৰ কথা উল্লেখ কৰা হৈছে ।
বিত্তীয় ৰাজহ ঘাটিৰ জোৰা মাৰিবলৈকে ৰাজ্য চৰকাৰে ইয়াৰ পূৰ্বে আবকাৰী বিভাগত সুৰা বিক্ৰী বৃদ্ধিৰ বাবে আনকি সুৰাৰ দোকানীসমূহকো নিৰ্দেশনা দিয়াৰ উদাহৰণ আছে।
নিৰ্ধাৰণ দিছিল মাহেকীয়া বিক্ৰীৰ নিৰ্দিষ্ট লক্ষ্য । মহানগৰত প্ৰতিমাহে ৪,৫০০ লিটাৰ বিলাতী সুৰা বিক্ৰীৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল আবকাৰী বিভাগে । লগতে, ৩,৩১০ লিটাৰ বীয়েৰ বিক্ৰী কৰিবৰ বাবেও লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল ।
লগতে পঢ়ক : WATCH | AAMSU Protest : কেৱল অসমেই নহয় দিল্লী কপাঁবলৈ সাজু আমছু