Local, Vocal, Global

Daily Horoscope for 10th April : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আপোনাক সমস্যাই আপোনাক চিন্তিত কৰি তুলিব। ঘৰত হ ‘বলগীয়া কোনো অনুষ্ঠানৰ বাবে আপোনাৰ বহুত খৰচ হব পাৰে যাৰ ফলত আৰ্থিক স্থিতি অলপ দূৰ্বল হব পাৰে। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব।। বিবাদিত বিষয় সমূহ আলোচনা কৰাৰ পৰা বিৰত থাকক। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পৰা পোৱা সহযোগ আপোনাক উৎসাহিত কৰিব। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পচন্দ কৰিব যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল।

বৃষ ৰাশি : আপুনি জীৱনৰ বহুত সমস্যাৰ সমাধান লাভ কৰিব। ঘৰৰ প্ৰয়োজনীয় বস্তুৰ ওপৰত আপোনাৰ আজি ধন খৰচ হ’ব যাৰ ফলত আৰ্থিক সমস্যতো নিশ্চয় হ’ব কিন্তু আজিৰ এই খৰচে আপোনাক ভৱিষ্যতত হটবলগা সমস্যাৰ পৰা ৰেহাই দিব। আপোনাৰ জীৱন সংগী আপোনাক সহায় আগবঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হব। বেলগৰ হস্তক্ষেপ আপোনাৰ গতিৰোধত বাধাৰ সৃষ্টি কৰিব। সাহসিকতাৰে ভৰা পদক্ষেপ আৰু নিৰ্ণয় আপোনাক অনুকূল পুৰস্কাৰ দিব।

মিথুন ৰাশি : হিংসা আৰু ঘৃণা আপোনাৰ বাবে বিপদ মাতি অনিব পাৰে ,ই আপোনাৰ সহ্য শক্তি কমাই দিয়ে আনকি আপোনাৰ বিবেকৰ লগত যুজ লগাই দিয়ে আৰু সম্বন্ধত চিৰদিনৰ বাবে বেয়া কৰিব পাৰে। আপোনাৰ ধন আপোনক সঠিক সময়ত তেতিয়াই সহায় কৰিব পাৰিব যেতিয়া আপুনি অযথা খৰচ কৰাত নিজক বাধা প্ৰদান কৰিব পাৰিব আৰু এই কথাটো আপুনি আজিয়ে উপলব্ধি কৰিব পাৰিব। আপোনাৰ জীৱন সংগী আপোনাক সহায় আগবঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হব। আপুনি প্ৰথম দেখাতে কাৰোবাক ভাল পাব পাৰে।

কৰ্কট ৰাশি : আপোনাৰ দিনৰ আৰম্ভণি ব্যায়াম দি কৰক, এইটোয়ে সেই সময় যেতিয়া আপুনি নিজৰ বিষয়ে ভাল অনুভৱ কৰিব আৰম্ভ কৰিব আৰু এই ব্যায়াম কৰা অভ্যাসটো দিনৰ ৰুটিনৰ লগত অন্তৰ্ভুক্ত কৰক আৰু নিয়মিত ৰখাৰ চেষ্টা কৰক । মা-দেউতাৰ স্বাস্থ্যৰ উন্নতি হব আৰু তেখেত নিজৰ গোটেই মৰম আপোনাৰ ওপৰত বিলাই দিব। সপোনত থকা সমস্যাসমূহ বাদ দিয়ক আৰু আপোনাৰ সংগীৰ লগত ৰোমাণ্টিক সময় অতিবাহিত কৰক। ডাঙৰ উদ্যোগপতিৰ লগত ভাগীদাৰ হলে আপোনাৰ ব্যৱসায়ত লাভজনক স্থিতি আহিব। আপুনি আজি অৱসৰ সময় মোবাইল অথবা টিভি চাই শেষ কৰিব ।

সিংহ ৰাশি : সময় খৰচ নকৰিব , ভাল কাম বোৰত সময় দিব কাৰণে নিজৰ শক্তি আৰু উৰ্জা বচাই ৰাখক। আজি আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হব পাৰে কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যাও সমাধান কৰিব সক্ষম হব। পৰিয়ালৰ সদস্য সমূহ আপোনাক বহুত সহযোগ কৰিব , কিন্তু তাৰ ফলত সিহঁতৰ বহুত চৰ্ত হব পাৰে। আজিৰ দিনাখন জানি বুজি পদক্ষেপ লোৱা উচিত,এই কাৰণে তেতিয়ালৈকে আপুনি নিজৰ চিন্তা ধাৰা ব্যক্ত কৰিব নালগে যেতিয়ালৈকে আপুনি সফলতাৰ বাবে নিজকে আশ্বাসত লব নোৱাৰে। আপোনাৰ সংগী অকল আপোনাৰ পৰা অলপ সময় বিচাৰে কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰে যাৰ বাবে তেখেত হতাশ হৈ যায়।

কন্যা ৰাশি : মনৰ শান্তিৰ কাৰণে কিছু সময় নিজৰ ঘনিষ্ঠ বন্ধু বৰ্গৰ লগত অতিবাহিত কৰক। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধু বৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। কিছুমান ব্যক্তিৰ কাৰণে বিদেশৰ পৰা কিবা বিশেষ খবৰ আহিব আৰু ব্যৱসায়িক প্ৰস্তাৱ পাব পাৰে। যদি আপুনি বস্তু কিনিব গৈ আছে অথবা বজাৰ কৰিব গৈ আছে তেন্তে প্ৰয়োজনতকৈ বেছি খৰচ কৰাৰ পৰা বিৰত থাকক। আজি আপুনি আৰু আপোনাৰ লগৰী প্ৰেম আৰু ভাল পোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণে সময় লাভ কৰিব।

তুলা ৰাশি : নিজৰ খোৱা-বোৱাৰ ওপৰত বিশেষ ধ্য়ান দিয়ক । বিশেষকৈ মাইগ্ৰেনৰ ভুক্তভোগী সকল সময়ত খোৱা বোৱা কৰিব লাগে ,নহ’লে সিহতক ব্যৰ্থকৈ ভাৱনাত্মক হতাশাৰ সন্মুখীন হ’ব। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘুৰাই নিদিয়ে। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ প্ৰেমাস্পদ আপোনাৰ মনৰ কথা বুজি পাব চেষ্টা নকৰে তেন্তে আজি আপুনি দিনটো তেখেতৰ লগত কটাওক আৰু আপোনাৰ ক্থাখিনি স্পষ্টভাৱে তেখেতেৰ আগত খুলি কওক। আপোনাৰ মৰম আৰু ভাল পোৱা -আপোনাৰ জীৱন লগৰী আপোনাক বহুত ভাল উপহাৰ দিব পাৰে।

বৃশ্চিক ৰাশি : মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণ সমূহ সমাধান কৰক। নিজৰ দৈনন্দিন খৰচত নিয়ন্ত্ৰণ ৰাখক আৰু আজি হাত খুলি ব্যয় কৰাৰ পৰা পৰিত্ৰাণ পাওক। আত্মীয় লগত আপোনাৰ সম্বন্ধৰ আকৌ সতেজতা কৰাৰ আজি ভাল দিন আহিব। আপোনাৰ জীৱনত প্ৰেমৰ লহৰ আহিব পাৰে , আপুনি অকল সতৰ্ক থকাৰ হে প্ৰয়োজন কাৰণ কোন কেতিয়া আহিব আপুনি নাজনিবও পাৰে। আপোনাৰ বৰিষ্ঠ জনক অৱহেলা নকৰিব।

ধনু ৰাশি : আপোনাৰ কাজিয়াখোৰ স্বভাৱে আপোনাৰ শত্ৰুৰ তালিকা খন দীঘল হে কৰিব। ঘৰৰ সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুত ধন খৰচ হৈ যাব পাৰে যাৰ ফলত আপুনি মানসিক অশান্তিত ভূগিব পাৰে। যি ব্যক্তি আগৰ পৰাই আপোনৰ প্ৰতি ভাল ভাৱ পোষণ কৰি থকা নাছিল তাৰ লগত আজিয়ে আপুনি সকলো কথা মীমাংসা কৰি লোৱা উচিত। যিসকল লোক এতিয়ালৈকে অকলশৰীয়া আছিল আজি সিহতঁৰ কোনোবা বিশেষ মানুহৰ লগত ভেট হব পাৰে অৱশ্যে কথা আগবঢ়োৱাৰ আগত এইটো নিশ্চয় জানি লব যে তেখেত যাতে আগৰ পৰা বেলেগৰ লগত কোনো প্ৰেম জনিত সম্বন্ধৰ লগত জড়িত নহয়। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব।ৰোমাঞ্চৰ পিনেদি চাব গলে আজি আপোনাৰ বৈবাহিক জীৱনৰ এটা ভাল দিন।

মকৰ ৰাশি : আজি আপোনাৰ মাজত বেচ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পুৰ্ণ সমৰ্থ্ন দিব। যদি আপুনি ঘৰৰ কোনোবা সদস্যৰ পৰা অৰ্থ ঋণ লৈ থৈছে তেন্তে অনতিপলমে ঘুৰাই দিয়াৰ ব্যৱস্থা কৰক নহলে আপোনাৰ ওপৰত আইনী ব্যৱস্থা লব পাৰে। বিদেশত থকা কোনোবা সম্বন্ধীয়ৰ পৰা পোৱা উপহাৰে আপোনাক আনন্দিত কৰি তুলিব পাৰে। প্ৰেম সকলো ইন্দ্ৰিয়ৰ পৰা অসীম ,কিন্তু আজি আপুনি এইবোৰ ইন্দ্ৰিয় আনন্দসমূহ প্ৰেমৰ অনুভূতিত অনুভৱ কৰিব। কাৰ্য ক্ষেত্ৰ ত আপোনাৰ কামৰ বহুত প্ৰশংসা হব।

কুম্ভ ৰাশি : আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। গহনা আৰু পূৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হব আৰু সমৃদ্ধবান হব। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। বহুত দেৰিলৈকে আপোনাৰ প্ৰিয়জনক ফোন নকৰি তেখেতক বিৰক্ত কৰিব পাৰে। ঘৰুৱা সহায়কাৰী আৰু সহকৰ্মী ৰ লগত হোৱা সমস্যাক আপুনি নাকচ কৰিব নোৱাৰে।

মীন ৰাশি : আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে তেন্তে ভাৱি চিন্তি খৰচ কৰিব , ধন হানি হোৱাৰ আশাংকা আছে। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া আপোনাৰ প্ৰাথমিকতা হব লাগে। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিন আনন্দিত থাকিব। আপোনাৰ জীৱন সংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে ,যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব।