Local, Vocal, Global

Liquor prices to increase in Assam from April 1: ৰাজ্যৰ সুৰাপায়ীসকলৰ বাবে দুঃখবৰ;১ এপ্ৰিলৰ পৰা ৰাজ্যত বৃদ্ধি পাব সুৰাৰ দাম

নিউজ ডেস্ক,২৭মাৰ্চ : ৰঙালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যত বৃদ্ধি পাব সুৰাৰ দাম ।

ৰাজ্যৰ সুৰাপায়ীসকলৰ বাবে দুঃখবৰ । ১ এপ্ৰিলৰ পৰা ৰাজ্যত বৃদ্ধি পাব সুৰাৰ দাম ।পহিলা এপ্ৰিলৰ পৰা সুৰাৰ দাম ১৫২ টকাৰ পৰা ৩১২ টকালৈ বৃদ্ধি পাব(Liquor prices to increase in Assam from April 1) ।

আবকাৰী ৰাজহৰ পৰিমাণ বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে পুনৰ বৃদ্ধি কৰিব সুৰাৰ দাম । ১ এপ্ৰিলৰ পৰা ৰাজ্যত ৭৫০ মিলি লিটাৰৰ সুৰাৰ বিপৰীতে দাম বৃদ্ধি পাব ১৫০ টকাৰ পৰা ৩১২ টকালৈ । সেই অনুসৰি জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাব ১৫২ টকাকৈ(Liquor Prices To Increase From April 1 Across Assam) ।

আনহাতে ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাব ১৩০ টকাকৈ । সেইদৰে লাক্সাৰী ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ সুৰাত ১৭৫ টকা বৃদ্ধি পাব । এলিগেণ্ট ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰ সুৰাৰ দাম বৃদ্ধি হ’ব ২২৫ টকাকৈ ৷ প্ৰিমিয়াম ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰ সুৰাৰ দাম বৃদ্ধি হ’ব ৩১২ টকালৈ । আনহাতে ৭৫০ মিলি লিটাৰ বিয়েৰৰ দাম ১৬ টকাকৈ বৃদ্ধি পাব ।

লগতে পঢ়ক :2 Chinese Nationals Arrested In UP For Illegally Entering India : অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুই চীনা নাগৰিকক