লেপেটকটা বাগিছাৰ কৰ্তৃপক্ষক মইনা নায়কক ১৩,৩৩,০৩৪ টকা আদায় দিয়াৰ নিৰ্দেশ

নিউজ ডেক্স, ২৩ জুলাই : বাগিচা কৰ্তৃপক্ষৰ গাফিলতি তথা নীতি বিৰুদ্ধ কাৰ্যৰ বাবে ডিব্ৰুগড় লেপেটকতা চহ বাগিচাত এগৰাকী মহিলা শ্ৰমিক গুৰুতৰ ভাবে আহত হৈ মৃত্যুৰ সৈতে যুঁজি আছে।
১৯ জুলাইত মইনা নায়কৰ লগত হৈছিল ভয়ংকৰ দুৰ্ঘটনা লেপেটকটা চাহ বাগিচাৰ ফেক্টৰীত শ্ৰমিক মইনা নায়ক কলঘৰৰ CTC মেচিনৰ তলত ঝাড়ু মাৰি থাকোতে চাহপাত শুকোৱা মেচিনত সোমাই পৰিছিল CTC মেচিনত সোমাই মইনা নায়ক নামৰ মহিলা শ্ৰমিক গৰাকী গুৰুতৰভাৱে আহত হৈছিল।
গুৰুতৰভাৱে আহত আৰু যন্ত্ৰণাত ছটফটাই থকা মইনা নায়কক লগে লগে AMCHলৈ নিয়া হৈছিল যদিও উপযুক্ত চিকিৎসক নথকাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হয়।
উল্লেখযোগ্য় যে, এই ঘটনাৰ পিছতেই ডিব্রুগড়ৰ সহকাৰী শ্রম আয়ুক্তৰ কাৰ্যালয়ে লেপেটকটা বাগিছাৰ কৰ্তৃপক্ষলৈ মইনা নায়কক ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ। তিনিদিনৰ ভিতৰত ১৩,৩৩,০৩৪ টকা আদায় দিয়াৰ নিৰ্দেশ সহকাৰী শ্রম আয়ুক্তৰ ।