Local, Vocal, Global

অৱশেষত যোগী সৰকাৰে  ৰাহুল আৰু প্ৰিয়ংকা গান্ধীক লখিমপুৰলৈ যাবলৈ অনুমতি দিলে 

লখিমপুৰ খেৰী কেলেংকাৰীক লৈ ৰাজনৈতিক যুদ্ধৰ মাজত ডাঙৰ খবৰ আহিছে। ৰাহুলগান্ধী, প্ৰিয়ংকা গান্ধী আৰু আন তিনিজনক এতিয়া লখিমপুৰ খেৰীলৈ যাবলৈ অনুমতি দিয়া হৈছে।

এতিয়া যোগী চৰকাৰে ৰাজনৈতিক দলসমূহক লখিমপুৰ খেৰীলৈ যাবলৈ অনুমতি দিছে৷ যিকোনো দলৰ ৫-৫ জন লোক লখিমপুৰলৈ যাব পাৰে৷ ৰাহুলগান্ধী, প্ৰিয়ংকা গান্ধী আৰু ৫ জন লোকেও তেওঁলোকৰ  সৈতে লখিমপুৰলৈ যাব পাৰিব৷ ইয়াৰ উপৰিও আম আদমী পাৰ্টীৰ  নেতা সঞ্জয় সিঙেও পাঁচজন নেতা লৈ যাব পাৰিব৷  ৰাহুল গান্ধী বিমানেৰে লক্ষ্ণৌ ত উপস্থিত হৈছে। তেওঁ তাৰ পৰা লখিমপুৰ খেৰীলৈ যাব। প্ৰিয়ংকা গান্ধীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সীতাপুৰৰ অতিথিশালাত ৰখা হৈছে।
ইয়াৰ পূৰ্বে দেওবাৰে লখিমপুৰত ৪ জন কৃষকসহ ৮ জন লোকৰ মৃত্যুৰ পিছত প্ৰশাসনে লখিমপুৰ খেৰীত  ১৪৪ ধাৰা জাৰি কৰিছিল৷ কৃষক সংগঠনৰ বাহিৰে আন কোনো দলৰ নেতাক তালৈ যাবলৈ দিয়া হোৱা নাছিল ৷ প্ৰিয়ংকা গান্ধী, অখিলেশ যাদৱ,  সঞ্জয় সিং আদিয়ে লখিমপুৰলৈ যাবলৈ চেষ্টা কৰিছিল৷ কিন্তু তেওঁলোকক বিভিন্ন স্থানত জিম্মাত লোৱা হৈছিল৷ পিছত প্ৰিয়ংকাক সীতাপুৰত গ্ৰেপ্তাৰ কৰা হয়৷