Local, Vocal, Global

অসুৰক্ষিত কাশ্মীৰ ত্যাগ কৰি স্বগৃহলৈ বৃহৎ সংখ্যক শ্ৰমিক

জন্মু আৰু কাশ্মীৰত যোৱা দিন কেইটাত বহিঃৰাজ্যৰ লোকসকলৰ ওপৰত আক্ৰমণ বৃদ্ধি পাইছে। সন্ত্ৰাসবাদী সদস্যসকলে কাশ্মীৰৰ বাহিৰৰ বা অকাশ্মীৰি শ্ৰমিকসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। অতি শেহতীয়াকৈ দেওবাৰে সন্ত্ৰাসবাদীয়ে বিহাৰৰ তিনিজন শ্ৰমিকক লক্ষ্য কৰি গুলী চালনা কৰাৰ ঘটনা সংঘটিত হৈছে।এই ঘটনাত দুজন শ্ৰমিক নিহত হোৱাৰ লগতে এজন গুৰুত্বৰভাৱে আহত হৈছে। এই ঘটনা সংঘটিত হৈছিল কুলগাওঁ গেঞ্জিপোৰা অঞ্চলত।

আনহাতে ইয়াৰ পূৰ্বে শনিবাৰে শ্ৰীনগৰৰ ঈদগাহ অঞ্চলত উগ্ৰপন্থীয়ে বিহাৰৰ এজন হকাৰক গুলীয়াই হত্যা কৰাৰ ঘটনা সংঘটিত হৈছিল ।সন্ত্ৰাসবাদীৰ গুলীত আহত হোৱা হকাৰজনক সংকটজনক অৱস্থাত শ্ৰীনগৰৰ এছ এম এইচ এছ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল য়দিও আধা বাটতে তেওঁৰ মৃত্যু হৈছিল। নিহত হকাৰ জনৰ নাম অৰবিন্দ কুমাৰ চাহ। তেওঁ বিহাৰৰ বাংকা জিলাৰ বাসিন্দা আছিল আৰু ৰেহৰি ৰাখি পানী পুৰী বিক্ৰী কৰিছিল।

একেদৰে সন্ত্ৰাসবাদীয়ে শনিবাৰৰ দিনটোতে পুলৱামাত চাগিৰ আহমেদ নামৰ আন এজন লোকক গুলীয়াই হত্যা কৰে। উত্তৰ প্ৰদেশৰ বাসিন্দা চাগিৰ এজন কাঠমিস্ত্ৰী আছিল।কাশ্মীৰ উপত্যকাত প্ৰবজনকাৰী শ্ৰমিকসকলৰ ওপৰত সন্ত্ৰাসবাদীয়ে এনদৰে গুলী চালনা কৰাৰ লগতে তেওঁলোকক লক্ষ্য কৰি লোৱাৰ বাবে এতিয়া উপত্যকাখন এৰিবলৈ বাধ্য হৈছে শ্ৰমিকসকল।

শেহতীয়াকে কাশ্মীৰত সংঘটিত হোৱা এনে ঘটনাৰ বাবে বৃহৎ সংখ্যক প্ৰবজনকাৰী শ্ৰমিকে কাশ্মীৰ এৰি যোৱাৰ খবৰ পোৱা গৈছে। এই শ্ৰমিকসকলে কাশ্মীৰত শ্ৰমিকৰ ওপৰত মাৰাত্মক আক্ৰমণৰ ঘটনাত ভয় খাইছে। এই শ্ৰমিকসকলে কাশ্মীৰত থাকিবলৈ সুৰক্ষিত অনুভৱ নকৰে বুলিও প্ৰকাশ পাইছে। প্ৰকাশিত খবৰ মতে বহু প্ৰব্ৰজনকাৰী শ্ৰমিকে আগন্তুক দেৱালীত স্বগৃহলৈ যোৱাৰ পৰিকল্পনা কৰিছিল যদিও উপত্যকাত সৃষ্টি হোৱা এনে ঘটনাৰ বাবে দেৱালীৰ পূৰ্বেই কাশ্মীৰ এৰিছে।